NORTHEAST NOW (Assamese)
অসম

সংকটজনক অৱস্থাত আনোৱাৰ হুছেইন লস্কৰক দিল্লীলৈ স্থানান্তৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 1, 2019 4:56 pm

সংকটজনক অৱস্থাত দিচপুৰৰ জি এন আৰ চি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰক আজি উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ স্থানান্তৰ কৰা হৈছে।

জি এন আৰ চি চিকিৎসালয় কৰ্তৃপক্ষই ইংগিত দিয়াৰ পিছতে তেওঁক চিকিৎসালয়খনৰ পৰা প্ৰথমে এয়াৰ এম্বুলেন্সেৰে বৰঝাৰ বিমান বন্দৰলৈ আৰু তাৰ পিছত বিশেষ বিমানযোগে দিল্লীলৈ নিয়া হয়।

Anowara Hussain Laskar_Delhi

উল্লেখযোগ্য, ৩০ মে’ৰ নিশা দিচপুৰৰ বিধায়ক আৱাসতে মগজুৰ পক্ষাঘাতত (brain stroke) আক্ৰান্ত হোৱাৰ পিছৰ পৰা জি এন আৰ চি চিকিৎসালয়ৰ চিকিৎসাধীন হৈ আছিল এ আই য়ু ডি এফৰ বিধায়কজন।

তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি নোহোৱাত আজি দলটোৰ মুৰব্বী, সাংসদ বদৰুদ্দিন আজমলৰ তৎপৰতাত দিল্লীলৈ নিয়া হয়। লস্কৰক বৰ্তমান দিল্লীৰ গুৰগাঁৱৰ বেদান্ত মেডিচিটি হস্পিটেলৰ আই চি য়ুত চিকিৎসাধীন হৈ আছে। স্বাস্থ্যৰ অতি শেহতীয়া অৱস্থা সম্পৰ্কে চিকিৎসকে এতিয়াও একো জনোৱা নাই বুলি দলৰ সূত্ৰই নৰ্থ-ইষ্ট নাওক জনায়।

“বৰ্তমানো চিকিৎসা চলি আছে যদিও চিকিৎসকে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত একো জনোৱা নাই”, জনালে এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে।