NORTHEAST NOW (Assamese)
অসম

‘গ্ল’বেল আইকন এৱাৰ্ডে’ৰে সন্মানিত কৰা হ’ব বিশিষ্ট চলচ্চিত্ৰ পৰিচালক ৰীমা দাসক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2019 8:24 am
Rima

বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক ৰীমা দাসক প্ৰাগ চিনে এৱাৰ্ডছত এই বছৰ ‘গ্ল’বেল আইকন এৱাৰ্ডে’ৰে সন্মানিত কৰা হ’ব।

‘ভিলেজ ৰকষ্টাৰ’ খ্যাত চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ ছবিখনেও চলিত বৰ্ষৰ প্ৰাগ চিনে এৱাৰ্ডছৰ দশম সংস্কৰণত বিভিন্ন শিতানত মনোনয়ন লাভ কৰিছে।

এই বৰ্ষৰ বাবে ‘বুলবুল কেন ছিং’ মনোনয়ন লাভ কৰা শিতানসমূহৰ ভিতৰত আছে-চিত্ৰনাট্য, চিনেমাটোগ্ৰাফী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী(অৰ্ণালী দাস) আৰু শ্ৰেষ্ঠ অভিনেতা (মনোৰঞ্জন দাস)।

মনোনয়ন আৰু এৱাৰ্ড সন্দৰ্ভত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে তেওঁৰ ফেচবুকত লিখিছে : ‘’আমি একেৰাহে তৃতীয়বাৰৰ বাবে আমাৰ তৃতীয়খন ছবি ‘বুলবুল কেন ছিং’ৰ সৈতে প্ৰাগ চিনে এৱাৰ্ডলৈ উভতি আহিছো। ‘গ্ল’বেল আইকন এৱাৰ্ড’ গ্ৰহণ কৰিবৰ বাবে মি আনন্দিত হৈ পৰিছো। বিভিন্ন শিতানত মনোনয়ন লাভ কৰা চিত্ৰনাট্য, চিনেমাটোগ্ৰাফী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰী(অৰ্ণালী দাস) আৰু শ্ৰেষ্ঠ অভিনেতা (মনোৰঞ্জন দাস)ৰ বাবেও আগ্ৰহী হৈ পৰিছো। আয়োজকসকলক বহুত ধন্যবাদ।‘’

‘’বুলবুল কেন ছিং’’ অসমৰ এখন গাঁওত বাস কৰা এগৰাকী কিশোৰীৰ কাহিনী। জাপানত অনুষ্ঠিত ‘ওছাকা এছিয়ান ফিল্ম ফেষ্টিভেলত’ ছবিখন পুৰস্কৃত হৈছিল।

আনহাতে, অলপতে বিশ্বৰ অতি পৰিচিত তথা বিখ্যাত কাঁন চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰি ৰীমা দাসে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

‘ভিলেজ ৰকষ্টাৰ্ছ’ আৰু ‘বুলবুল কেন ছিং’ ছবি দুখনেৰে আন্তৰ্জাতিক পৰ্যায়ত সুখ্যাতি লাভ কৰা ৰীমা দাসে মহোৎসৱখনত বিভিন্ন আলোচনা অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল।

ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা ‘ভাৰতীয় পেভিলিয়ন’ত দেশৰ চলচ্চিত্ৰ সম্পৰ্কত তেওঁ জুৰীৰ বিচাৰকসকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানতো ভাগ লৈছিল।