NORTHEAST NOW (Assamese)
অসম

চিৰাঙত আৰক্ষীৰ জালত অবৈধ মাৰণাস্ত্ৰসহ দুজন যুৱক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2019 2:27 pm

আজি চিৰাং জিলাৰ বাসুগাঁৱৰ পৰা আৰক্ষীয়ে দুজন যুৱকক অবৈধ মাৰণাস্ত্ৰ আৰু নগদ ধনসহ আটক কৰে। আটকাধীন যুৱক দুজনক ফৰমান আলী আৰু মফিজুল ইছলাম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

এক গোপন সূত্ৰৰ ভিত্তিত চিৰাং আৰক্ষী আৰু ১৫ নং গাৰৱাল ৰাইফলছে এক যুটীয়া অভিযান চলাই দুই যুৱকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে যুৱক দুজনৰে এজনৰ পৰা দেশীয় নিৰ্মিত পিষ্টল, পাঁচজাই সক্ৰিয় গুলী আৰু ৫৫ হাজাৰ টকা উদ্ধাৰ কৰে। উদ্ধাৰ কৰা মাৰণাস্ত্ৰটো যুৱক দুজনে বাসুগাঁৱত বিক্ৰী কৰিবলৈ আনিছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে যুৱক দুজনে কেনেদৰে মাৰণাস্ত্ৰ সৰবৰাহত জড়িত হৈ পৰিল সেই সমগ্ৰ ঘটনা সন্দৰ্ভত অনুসন্ধান কৰিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।