NORTHEAST NOW (Assamese)
অসম

ওদালগুৰিত জৰাজীৰ্ণ পথে জীয়াতু ভোগাইছে গাঁওবাসীক

Posted by: চাজিদ খান Updated by: চাজিদ খান June 3, 2019 7:50 am
udalguri-poor-road-1140x570

ওদালগুৰি জিলাৰ টংলা চহৰৰ সমীপৰ পশ্চিম হাহিনি গাঁৱৰ জৰাজীৰ্ণ পথে গাঁৱবাসীৰ মনত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। তদুপৰি, জৰাজীৰ্ণ পথৰ এই অৱস্থাই লগতে বিটিচি প্ৰশাসন তথা ৰাজ্য চৰকাৰে দাবী কৰি অহা উন্নয়নৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে।

পানেৰী বিধানসভা সমষ্টি আৰু খালিংদুৱাৰ বিটিচি সমষ্টিৰ অন্তৰ্গত এই পথটো গাওঁখনৰ লগতে অঞ্চলটোৰ চুবুৰীয়া গাঁওসমূহৰ বাবেও এক অতি গুৰুত্বপূৰ্ণ যাতায়তৰ পথ।

বাৰিষা বোকা পানীৰে কদৰ্যময় হৈ পৰা এই পথে বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ সপোনৰ আদৰ্শ বিটিচিক বাস্তৱত এক অলীক কল্পনা হিচাপেহে দাঙি ধৰিছে।

টংলা চহৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ আঁতৰৰ এই গাওঁখনৰ গাওঁবাসীয়ে বিগত এক দশক ধৰি পথটো মেৰামতিৰ বাবে দাবী উত্থাপন কৰি অহাৰ পাছতো জনপ্ৰতিনিধিসকলে কোনো সঁহাৰি দিয়া নাই।

অঞ্চলটোৰ গাওঁবাসীয়ে পথ যোগাযোগৰ ক্ষেত্ৰত উন্নয়নৰ দাবী কৰি অহা চৰকাৰখনকে জগৰীয়া কৰিছে। দৰাচলতে পথটোৰ অৱস্থা বৰ্তমান ইমানেই শোচনীয় হৈ পৰিছে যে গাড়ী-মটৰটো দূৰৰে কথা, ৰাইজে খোজকাঢ়ি যোৱাৰ বাবেও ই অনুপযোগী হৈ পৰিছে।

udalguri-poor-road-1-360x504
ফটো : নৰ্থইষ্ট নাও

পথটোৰ এনে দুৰাৱস্থাৰ ফলত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে ভীষণ সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। তদুপৰি, খেতিয়কসকলেও তেওঁলোকৰ উৎপাদিত সামগ্ৰী ওচৰৰ বজাৰলৈ কঢ়িয়াই নিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে। আনহাতে, বেমাৰ-আজাৰৰ সময়ত এম্বুলেন্স যাব নোৱাৰা বাবে বেমাৰী লোকৰ বাবে শংকাৰ সৃষ্টি কৰিছে।

অঞ্চলটোৰ ৰাইজে ৰাজ্য চৰকাৰ তথা বিটিচি কৰ্তৃপক্ষক বহুদিন ধৰি আগতীয়াকৈ মেৰামতিৰ বাবে দাবী উত্থাপন কৰি আহিছে যদিও এটা দশক ধৰি তেওঁলোকৰ এই ৰাজহুৱা দাবীৰ প্ৰতি প্ৰতিনিধিসকলে কোনো কানসাৰ দিয়া নাই।

‘’বিধায়ক, সাংসদ, বিটিচিৰ কাৰ্যবাহী সদস্য আৰু উপায়ুক্ত কোনোৱে এই গাওঁখনলৈ অহা নাই। এবাৰ নিৰ্বাচিত হোৱাৰ পাছত জনপ্ৰতিনিধিসকলে কেতিয়াও ঘুৰি নাচায়,’’- গাঁওখনৰ এগৰাকী বাসিন্দা কনকসেন ডেকাই কয়।

‘’ আমাৰ ল’ৰা-ছোৱালীয়ে স্কুললৈ বিশেষকৈ বাৰিষাৰ দিনকেইটাত খোজকাঢ়ি যোৱাটো দু:সাধ্য হৈ পৰে আৰু একাঠু পানী ভাঙি যাৱলগীয়া হয়,’’-আন এগৰাকী গাওঁবাসী ৰতন ডেকাই কয়।

গাওঁবাসীয়ে ৰাজ্য চৰকাৰ তথা বিটিচি প্ৰশাসনৰ যিমান পাৰি সোনকালে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।