NORTHEAST NOW (Assamese)
অসম

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 4, 2021 5:01 pm
24_12_2018-loot1_18782468

সমাগত বিধান সভা নিৰ্বাচন। তেনেসময়ত আৰক্ষীৰ নিচিদ্ৰ তালাচীৰ মাজতে বৃহস্পতিবাৰে গোলাঘাট চহৰৰ অতিকৈ ব্যস্ত হস্পিতেল ৰোডৰ পৰা চিলনী চোৰে লুটি নিলে ডেৰ লাখকৈ টকা।

দিন দুপৰতে  গোলাঘাট হস্পিতাল ৰোডৰ  এচ বি আই লাইফ ইঞ্চুৰেঞ্চৰ  গ্ৰাহকৰ পৰা ডেৰ লাখ টকা লৈ উধাও হল চাৰিটা হেলমেট পৰিহিত চিলনী চোৰ।

গোলাঘাট কমাৰগাঁওৰ সোনালী সোনোৱাল নামৰ গ্ৰাহকগৰাকীয়ে এচ বি আই  গোলাঘাট শাখা বেংকৰ পৰা উলিয়াইছিল ডেৰ লাখ টকা।

উল্লেখ্য যে, গোলাঘাট আৰক্ষী থানা সন্মুখত অৱস্থিত  এচ বি আইৰ  পৰা ডেৰ লাখ টকা লৈ খোজকাঢ়ি গোলাঘাট হস্পিতাল ৰোডৰ এচ বি আই লাইফ ইঞ্চুৰেঞ্চৰ কাৰ্যালয়লৈ আহিছিল মহিলা গৰাকী।

উক্ত টকাখিনি হেণ্ড বেগতলৈ  খোজকাঢ়ি  আহোতেই দুখনকৈ বাইকত  অহা চাৰিজন বাইক আৰোহীয়ে সোনালী সোনোৱালৰ হাতৰ পৰা বেগৰ সৈতে টকাখিনি  থপিয়াই লৈ উধাও হয়।

মহিলা গৰাকীৰ ভাষ্য অনুসৰি ঘৰ নিৰ্মাণৰ বাবে উলিওৱা টকাখিনিৰ লগতে ভোটাৰ কাৰ্ড,পান কাৰ্ড, আধাৰ কাৰ্ড সহ বেংকৰ কেইবাখনো পাছবুক আৰু দৰকাৰী নথি-পত্ৰও আছিল বেগটোত।