NORTHEAST NOW (Assamese)
অসম

বয়সৰ ব্যৱধানক লৈ চিন্তিত আছিল মিলিন্দ সুমনৰ পত্নী অংকিতাৰ পৰিয়াল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 3, 2019 12:26 pm
milind-somanankita-Konwar

অসমৰ দুহিতা আৰু ছুপাৰ মডেল তথা অভিনেতা মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰে অলপতে এক সাক্ষাৎকাৰত সদৰী কৰিছে যে তেওঁ পৰিয়ালে তেওঁলোকে বিবাহ পাসত আবদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত ২৬ বছৰৰ বিৰাট বয়সৰ ব্যৱধানক লৈ অলপ চিন্তিত আছিল।

‘হিউমনে অৱ ব’ম্বে’ নামৰ ব্লগ’ত কোৱাৰ সময়ত অংকিতাই লগতে কৈছে যে এইটো তেওঁৰ আৰু মিলিন্দৰ মাজত কোনো সমস্যা নাছিল। অৱশ্যে, তেওঁ লগতে কয় যে যেতিয়া তেওঁৰ পৰিয়ালে ‘মিলিন্দৰ লগত তেওঁ কিমান সুখী সেয়া দেখিলে’, তেওঁলোকে তেওঁলোকৰ বিয়াৰ বাবে সন্মত হয়।

যোৱা বছৰৰ ২২ এপ্ৰিলত বিবাহপাশত আবদ্ধ হোৱাৰ আগতে মিলিন্দ আৰু অংকিতাই ৫ বছৰি ধৰি ইজনে সিজনৰ প্ৰেমত মছগুল হৈ আছিল। এই বিয়াখন আছিল অসমীয়া আৰু মাৰাঠী সংস্কৃতিৰ এক সংমিশ্ৰণ।

মডেল, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক আৰু ফিটনেছ প্ৰম’টাৰ মিলিন্দ সুমনে গুৱাহাটীৰ এগৰাকী ফ্লাইট এটেণ্ডাৰ অংকিতাৰ সৈতে প্ৰেমত পৰিছিল। তেওঁলোকৰ মাজত থকা বয়সৰ বৃহৎ ব্যৱধানৰ বাবেই দম্পতিহাল চৰ্চাৰ মাজলৈ আহিছিল।

আনহাতে, তেওঁলোকৰ সম্পৰ্কক লৈ দুয়োজনেই অতি সৰৱ আছিল আৰু তেওঁলোকৰ মাজত থকা ইজনৰ প্ৰতি সিজনৰ প্ৰেমৰ ৰাজহুৱা প্ৰদৰ্শনত তেওঁলোকে কেতিয়াও সংকোচ কৰা নাছিল।

ব্ল’গটোত দিয়া তেওঁৰ একান্ত স্পষ্ট সাক্ষাৎকাৰটোত অংকিতাই কৈছিল যে মালয়েছিয়াত এয়াৰ এছিয়াৰ কেবিন ক্ৰিউ হিচাপে কাম কৰি থকাৰ সময়তে তেওঁ তেওঁৰ প্ৰেমিকক (বয়ফেণ্ড) হেৰুৱাইছিল।

জীৱনত এইদৰে অহা প্ৰেমৰ অকাল মৃত্যুত তেওঁ  সম্পূৰ্ণ বাগি পৰিছিল আৰু সেই সময়তে চেন্নাইলৈ তেওঁৰ বদলি হৈছিল। ইয়াৰ মাজতে অংকিতাই তেওঁৰ অতি প্ৰিয় মিলিন্দ সুমনৰ সান্নিধ্যলৈ আহে আৰু ক্ৰমে তেওঁলোকৰ প্ৰেমে পোখা মেলি উঠে।