NORTHEAST NOW (Assamese)
অসম

কেবিনেট বৈঠক : চৰকাৰী কৰ্মচাৰীৰ টাইমস্কেল পদোন্নতি; CEMৰ দৰমহা ১৬ৰ পৰা ৪৫ হাজাৰ টকালৈ বৃদ্ধি

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক June 3, 2019 6:23 pm
Sonowal-Cabinet-1140x570

পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচন প্ৰক্ৰিয়াত ইতিপূৰ্বে প্ৰযোজ্য কৰা দুটা-সন্তান নীতিক গাঁওবুঢ়াৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰাকে ধৰি আজি অনুষ্ঠিত এক কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়।

বৈঠকত গাওঁবুঢ়াৰ নিযুক্তিৰ বয়স পূৰ্বৰ ৩৫ বছৰৰ পৰা ২৫ বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত আৰু দুটাকৈ অধিক সন্তান থকা লোকক এই পদ নিদিয়াৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ উপৰি স্বায়ত্তশাসিত পৰিষদবোৰৰ মুখ্য কাৰ্য্যবাহীৰ দৰমহা পূৰ্বৰ ১৬ হাজাৰ টকাৰ পৰা ৪৫ হাজাৰ টকা কৰা, কাৰ্য্যবাহী সদস্যসকলৰ দৰমহা পূৰ্বৰ ৫ হাজাৰ টকাৰ ঠাইত ২৫ হাজাৰ টকা কৰাৰ সিদ্ধান্ত লোৱা হয়।

চৰকাৰী কৰ্মচাৰীৰ বাবেও সুখবৰ কঢ়িয়াই আনে আজিৰ কেবিনেট বৈঠকে। সিদ্ধান্ত মতে, চৰকাৰী কৰ্মচাৰীসকলে টাইম স্কেলযোগে নিৰ্দিষ্ট সময়ত পদোন্নতি পাব৷

অন্যান্য কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল-

ৰাজ্যৰ বাহিৰত কৰ্মৰত অৱস্থাত চহিদ হোৱা জোৱানৰ নিকটতম আত্মীয়লৈ ৰাজ্য চৰকাৰে ২০ লাখ টকাৰ অনুদান আগ বঢ়াব।

সত্ৰৰ ভূমি অবৈধ দখলৰ মুক্ত কৰিবলৈ ভূমি নীতি সংশোধনৰ সিদ্ধান্ত।

মানব সৰবহৰাহ ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ লোৱাৰ লগতে নিযুক্তি প্ৰদান কৰা প্লেচমেণ্ট এজেন্সিবোৰক নিৰীক্ষণত ৰখাৰ সিদ্ধান্ত।