NORTHEAST NOW (Assamese)
অসম

বিদেশী খেদিম বুলি ভোট লোৱা বিজেপিয়ে কেইটা বিদেশী খেদিলে? : তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 4, 2019 4:27 pm
Tarun Gogoi press conference

লোকসভা নিৰ্বাচনৰ পিছতে ইখনৰ পিছত সিখন সংবাদমেল দি বিজেপি নেতৃত্বাধীন চৰকাৰখনক সমালোচনা কৰি অহা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ বিজেপিক আজি পুনৰ সৰৱ হয়। তেওঁ নিজৰ চৰকাৰী বাসভৱনত এখন সংবাদমেলত প্ৰশ্ন কৰে, “বিদেশী খেদিম বুলি ভোট লোৱা বিজেপিয়ে কেইটা বিদেশী খেদিলে?”

তাৰোপৰি তেওঁ বিদেশীৰ নামত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰিছে বুলিও কয়।

“হিন্দুত্বৰ কথা কোৱা বিজেপিয়ে কিয় বেছিভাগ হিন্দু বাঙালীক বিদেশী সজাই অত্যাচাৰ কৰিছে। ক্ষমতা পাই হিন্দুৰ ওপৰতহে অত্যাচাৰ চলাই আছে।” গগৈৰ মন্তব্য।

আনহাতে তেওঁ “ঘোষিত বিদেশী” হিচাপে এতিয়াও গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থকা প্ৰাক্তন সেনা বিষয়া ছানাউল্লাহৰ প্ৰসংগতো পুনৰ সৰৱ হয়।

“ছানাউল্লাহৰ ক্ষেত্ৰত অসম চৰকাৰে নিৰ্লিপ্ততা অৱলম্বন কৰিছে। ডিফেন্স মিনিষ্ট্ৰিয়ে এওঁ প্ৰাক্তন সেনা বিষয়া বুলি স্বীকাৰ কৰিছে। এজন ভাৰতীয় নাগৰিক হোৱাৰ পিছতো তেওঁৰ এনেদৰে অধিকাৰ খৰ্ব কৰাটো অতিকৈ নিন্দনীয়।” প্ৰাক্তন মুখ্য মন্ত্ৰীজনে কয়।

তেওঁৰ মতে অসম চৰকাৰে আদালতক ছানাউল্লাহৰ কথা জনাব লাগিছিল। ন্যায়াধিকৰণৰ এনে অৱস্থা হ’লে ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰুৱাব ৰাইজে, মন্তব্য গগৈৰ। আনহাতে “গোচৰ দিয়াৰ পাছতো তদন্তকাৰী বিষয়াজনক গ্ৰেপ্তাৰ কৰা হোৱা নাই কিয়?” বুলিও প্ৰশ্ন কৰে গগৈয়ে।

নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াটোৰ বিসংগতিলৈ আঙুলিয়াই দি গগৈয়ে কয় “এন আৰ চি য়ে সমস্যাৰহে সৃষ্টি কৰিছে। এন আৰ চিৰ কোনো কামেই হোৱা নাই। এন আৰ চিয়ে দেশীক বিদেশী কৰিব বিচাৰিছে নেকি? চৰকাৰে যদি উচ্চতম ন্যায়ালয় নিৰ্দেশনা অনুসৰণ কৰা নাই, হাজেলাকো শাস্তি দিয়াটো মই বিচাৰো”।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত বিতৰ্কৰ ধুমুহা সৃষ্টি কৰা “চলো পাল্টাই”ৰ ফল আমি ভুগিব লাগিব বুলি কৈ গগৈয়ে কয়, “মানুহৰ মাজত সজাগতা অহা নাই ইয়াক লৈ। অসমীয়া ভাষাৰ প্ৰচাৰ চলাব লাগিব। ‘কেব’খন আনি বঙালীৰ সংখ্যা বঢ়োৱাহে হ’ব।

“অসমীয়াই নিজে বুজি নাপালে চলো পাল্টাইক দোষ দি কি লাভ? অসমত অসমীয়াত্ব থাকিব লাগিব। ভাৰতত ৰাজ্য গঠন হৈছিল ভাষাৰ ভিত্তিত, ধৰ্মৰ ভিত্তিত নহয় ”, গগৈৰ মন্তব্য।

তেওঁ চলো পাল্টাইৰ বাবে সৰ্বানন্দ, হিমন্ত দায়ী বুলিও কয়।

আনহাতে খচৰা শিক্ষানীতিৰ বিষয়ে মন্তব্যত কয়, “নতুন শিক্ষা পদ্ধতি কৰক, কিন্তু তাৰ কাৰণে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত হ’ব লাগিব। শিক্ষকক নতুনকৈ প্ৰশিক্ষণ দিব লাগিব। শিক্ষকক নিযুক্তিয়েই দিব পৰা নাই।”

পুৰণি শৰাইঘাট দলং মেৰামতি কৰোঁতা ইমান দি লগাৰ বিষয়তো প্ৰশ্ন তোলে প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে।