NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত বিশ্ব পৰিৱেশ দিৱস উদযাপন; সামূহিক বৃক্ষৰোপণ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 5, 2019 8:08 pm

বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগতো বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ কাজিৰঙাৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত প্ৰতিষ্ঠা কৰিবলৈ লোৱা তথ্য কেন্দ্ৰৰ চৌহদত আজি বৃক্ষ ৰোপণৰ বিশেষ কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয় ৷

ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া নামৰ সংগঠনটোৰ সহযোগত কাজিৰঙাৰ সঞ্চালক পেৰিয়াৰ স্বামী শিৱকুমাৰৰ নেতৃত্বত প্ৰায় শতাধিক লোকে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বিভিন্ন সংগঠনৰ প্ৰতিনিধি, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ কৰ্মকৰ্তা, বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰ আৰু বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অনুষ্ঠানত গছপুলি ৰোপন কৰে।

পিছত অনুষ্ঠিত পৰিৱেশ দিৱসৰ বিশেষ অনুষ্ঠানত সঞ্চালক পেৰিয়াৰস্বামী শিৱকুমাৰ উপৰিও তেওঁ পৰিবাৰ সত্যপ্ৰিয়া শিৱকুমাৰ, পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া, লেখিকা সমাৰোহ সমিতিৰ সুৱৰ্ণ শইকীয়া বৰদলৈ আৰ পুতুলী খাউণ্ড কাজিৰঙাৰ সহকাৰী বনসংৰক্ষক আৰু পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাৰ উপৰিও পানবাৰী, বৰভেটা, তামুলী পথাৰ আৰু বহিথোৱা পাৰিপাৰ্শ্বিক উন্নয়ন সমিতি সভাপতি উপস্থিত থাকে৷

অনুষ্ঠানত ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ উপ সঞ্চালক ৰথীন বৰ্মনে আদৰণী ভাষণত সকলোকে নৱ নিৰ্মিত তথ্য কেন্দ্ৰলৈ স্বাগতম জনায়। উক্ত অনুষ্ঠানতে কাজিৰঙাত কৰ্মৰত অৱস্থাতে নিহত হোৱা থোলোকা পেগুৰ হাতত ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ এচুৰেঞ্চ আঁচনিৰ এক লাখ টকাৰ চেক প্ৰদান কৰা হয়।

ইফালে বোকাখাতৰ গ্ৰাছ নামৰ সংগঠনটোয়েও স্থানীয় পুৱতি সাহিত্য সভা ভৱনত বিশ্ব পৰিবেশ দিৱস পালন কৰে। এই অনুষ্ঠানতে গ্ৰাছৰ তৰফৰ পৰা কাজিৰঙাৰ পৰিবেশকৰ্মী মনোজ গগৈক গ্ৰাছ গ্ৰীণ এৱাৰ্ড আৰু সমাজকৰ্মী ৰুনু শইকীয়াক গ্ৰাছ ৱমেন এৱাৰ্ড প্ৰদান কৰা হয় ৷ অনুষ্ঠানত লগতে গ্ৰাছৰ মুখপত্ৰ কল্যাণী উন্মোচন কৰা হয়।