NORTHEAST NOW (Assamese)
Popular Stories

পত্নীয়ে পৰকীয়া প্ৰেমিকেৰে মিলি গিৰিয়েকক হত্যা কৰি মৃতদেহ পেলালে ব্ৰহ্মপুত্ৰত

Posted by: মৃদুল প্ৰীতম ডেকা June 6, 2019 9:57 pm

কামৰূপৰ বাথানত এগৰাকী মহিলাই প্ৰেমিকৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়া ঘটনাই সমগ্ৰ কামৰূপত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাৰ বিৱৰণি মতে কামৰূপৰ বাথানৰ অঞ্জু দাস নামৰ মহিলাগৰাকীয়ে ৩ জুনত নিশাৰ আহাৰত স্মামীৰ লগতে দুই সন্তানৰ আহাৰত নিচাযুক্ত দ্ৰব্য মিহলাই দিছিল। আৰু পিছত প্ৰেমিক তপন দাসৰ সৈতে মিলি গিৰিয়েক প্ৰফুল্ল দাসক ডিঙি চেপি হত্যা কৰি মৃতদেহ ব্ৰহ্মপুত্ৰত পেলাই দিয়ে।

ইয়াৰ পিছতে চতুৰ অঞ্জু দাসে শুৱালকুছি থানাত গিৰিয়েক প্ৰফুল্ল দাস সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰে।

আনহাতে অঞ্জু দাসে দাখিল কৰা এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত চলাই স্বামী হন্তা অঞ্জু দাস আৰু তপন দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান আৰক্ষীৰ জিম্মাত থকা দুয়ো অভিযুক্তই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি প্ৰদান কৰিছে।

ইফালে প্ৰফুল্ল দাসৰ মৃতদেহৰ সন্ধানত আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত ব্ৰহ্মপুত্ৰত অভিযান চলাইছে যদিও বাতৰি লিখা পৰলৈকে মৃতদেহৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।