NORTHEAST NOW (Assamese)
অসম

২০২০ টকিঅ’ অলিম্পিকৰ পাছতে কেৰিয়াৰ সামৰিব বক্সাৰ মেৰীকমে

Posted by: এন ই নাও নিউজ June 7, 2019 8:43 am
mary-kom

২০২০ চনত অনুষ্ঠিত হ’ব লগীয়া টকিঅ’ অলিম্পিক গেইমছৰ পাছতে কেৰিয়াৰ সামৰিব ছয়বাৰৰ বিশ্ব চেম্পিয়ন মহিলা বক্সাৰ মেৰীকমে। বৃহস্পতিবাৰে মণিপুৰৰ বক্সাৰ গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰে।

‘মই অৱসৰ ল’ব বিচাৰিছো, হয়তো ২০২০ৰ পাছতে হ’ব। কিন্তু সঁচা অৰ্থত এতিয়াও মোৰ লক্ষ্য দেশৰ বাবে স্বৰ্ণ জয়ী কৰা। ইয়াৰ বাবে বক্সিং কেৰিয়াৰৰ আৰম্ভনিৰ পৰা এতিয়ালৈ যুঁজিয়ে আছো। বক্সিং ক্ষেত্ৰখনত নৱপ্ৰজন্মৰ বহুতো প্ৰতিভাৱান যুৱক-যুৱতী আহিছে। মই আশা কৰো ভাৰতে অতিশীঘ্ৰে দ্বিতীয় গৰাকী মেৰী কম লাভ কৰিব’। এই মন্তব্য বিশ্ব বক্সিং ৰেংকিঙৰ শীৰ্ষস্থানৰ অধিকাৰী মেৰীকমৰ।

উল্লেখ্য যে মেৰীকমে বক্সিং জগতত ভৰি থৈছিল প্ৰায় ১৭ বছৰ পূৰ্বেই। এই দীঘলীয়া কেৰিয়াৰত তেওঁ লাভ কৰিছে অনবদ্য সাফল্য। ইয়াৰ ভিতৰত বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছয়টা স্বৰ্ণ, এটা ৰূপ আৰু অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাটোৱে তেওঁৰ সৰ্বশ্ৰেষ্ঠ সাফল্য।

এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা ভাল যে যোৱাবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মেৰীকমে সোণৰ পদক লাভ কৰাৰ লগে লগে তেওঁ কিউবাৰ পুৰুষ বক্সাৰ ফেলিক্স ছেভনৰ সৈতে সমতা স্থাপন কৰিবলৈ সক্ষম হয়। কিউবাৰ এই গৰাকী বক্সাৰেও বিশ্ব চেম্পিয়নশ্বিপত ৬টা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰি থৈছে।