NORTHEAST NOW (Assamese)
অসম

মাতৃ আৰু বিবাহিত কন্যাৰ একেলগে পুখুৰীত জঁপিয়াই আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2019 4:50 pm
suicide-750x375

দৰং জিলাৰ ছিপাঝাৰৰ নাৰিকলিত আজি মাতৃ আৰু বিবাহিত কন্যাই একেলগে পুখুৰীত জঁপিয়াই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। আত্মহত্যা মাতৃক জয়া বৰুৱা আৰু বিবাহিত কন্যাক ববিতা বৰুৱা নাথ বুলি চিনাক্ত কৰা হৈছে।

মাক-জীয়েক দুয়ো গৰাকীয়ে ঘৰৰ সমীপতে থকা এটা পুখুৰীত জঁপিয়াই আত্মহত্যা কৰে। ঘটনাৰ বিৱৰণি মতে মাক-জীয়েক দুয়ো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল।

মাতৃ জয়া বৰুৱা কৰ্কট ৰোগত আক্ৰান্ত হৈ থকাৰ বিপৰীতে জীয়েক ববিতা বৰুৱা নাথ বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল। ফলত একাংশ স্থানীয় ৰাইজে মাক-জীয়েক দুয়ো জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে মানসিক ভাগি পৰি হতাশ হৈ এনেদৰে আত্মহত্যাৰ দৰে পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।