NORTHEAST NOW (Assamese)
অসম

চলন্ত ৰে’লত এগৰাকী যুৱতী আৰু মহিলাক বলাৎকাৰ কৰি হত্যা কৰা অপৰাধী বিকাশ দাসক যাৱজ্জীৱন কাৰাদণ্ড

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 7, 2019 7:18 pm
Bikash Das Sirial Killar

২০১৮ চনৰ ১০ জুলাইত ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰে’ছত শিৱসাগৰ ষ্টেইশ্যন আৰু শিমলুগুৰি ষ্টেইশ্যনৰ মাজত অমস কৃষি বিশ্ববিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্ৰী আৰু এগৰাকী মহিলাক বলাৎকাৰ কৰি হত্যা কৰা অপৰাধী বিকাশ দাস ওৰফে বুবুক আজি তিনিচুকীয়া জিলা সত্ৰ ন্যায়াধীশৰ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে।

ন্যায়াধীশ পাৰ্থৱ জ্যোতি শইকীয়াৰ আদালতে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰাৰ লগতে ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা আন এজন অভিযুক্ত বিপিন পাণ্ডেক গোচৰৰ পৰা মুক্ত কৰি দিয়া হয়।

উল্লেখযোগ্য যে, ২০১৮ চনৰ জুলাই মাহত বিকাশ দাসে কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰীগৰাকীক আৰু এগৰাকী মহিলাক চলন্ত ৰে’লত বলাৎকাৰ কৰি গামোচাৰে ডিঙি চেপি হত্যা কৰিছিল।

জঘন্য ঘটনা দুটা সংঘটিত কৰাৰ তিনি দিন পাছত অৰ্থাৎ ১৩ জুলাইত আৰক্ষীয়ে বিকাশ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীৰ জেৰাত হত্যাকাণ্ড দুটা তেৱেঁ সংঘটিত কৰা বুলি স্বীকাৰ কৰিছিল বিকাশে।