NORTHEAST NOW (Assamese)
অসম

‘বিভিন্ন ক্ষেত্ৰৰ দক্ষ যুৱক-যুৱতীক চিনাক্ত কৰি আলফাত সদস্যভূক্তিৰ কাম চোৱা-চিতা কৰে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰকাশ ৰাজকোঁৱৰে’

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক June 10, 2019 4:34 pm
zoo road grenade blast aquest Prakash Rajkownar

১৩ মে’ত গুৱহাটীৰ জু ৰোডত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণ সন্দৰ্ভত দিনে নতুন নতুন সূত্ৰৰ সন্ধান লাভ কৰিছে অনুসন্ধানকাৰী অসম আৰক্ষীৰ দলে।

দেওঁবাৰে ডিব্ৰুগড়ৰ মিলন নগৰৰ পৰা আৰক্ষীয়ে জু ৰোড বিস্ফোৰণৰ লগত জড়িত থকাৰ সন্দেহত  অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰকাশ ৰাজকোঁৱৰ ওৰফে চাও নামতি লাওক গ্ৰেপ্তাৰ কৰিছিল। বৰ্তমান ৰাজকোঁৱৰক গুৱাহাটীৰ লতাশিল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জেৰা চলাই আছে।

আৰক্ষীৰ জেৰাত প্ৰকাশ ৰাজকোঁৱৰে জু ৰোডৰ গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্ত প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়াৰ লগত তেওঁ যোগসূত্ৰত আছিল বুলি স্বীকাৰ কৰাৰ লগতে  আলফা সম্বন্ধে আন  বহুতো বিস্ফোৰক স্বীকাৰোক্তি কৰিছে বুলি আৰক্ষী আয়ুক্ত দীপক কুমাৰে মত প্ৰকাশ কৰে।

আনহাতে, আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে ৰাজকোঁৱৰ আলফাৰ  প্ৰচাৰ আৰু প্ৰসাৰৰ কামত নিয়োজিত হৈ থকাৰ লগতে তেওঁ ৰাজ্যখনৰ নৱ প্ৰজন্মৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰতিভাশীল যুৱক-যুৱতীসকলক চিনাক্ত কৰি আলফাৰ নতুন সদস্যভূক্তিৰ কাম-কাজ পৰ্য্যবেক্ষণ কৰিছিল। তেওঁ ২০১৭  চনৰ পৰা সক্ৰিয়ভাৱে আলফাৰ লগত জড়িত হৈ আছিল।

তদুপৰি, জেৰাত বহু ৰাষ্ট্ৰবিৰোধী কাম-কাজৰ লগত ৰাজকোঁৱৰ জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।

উল্লেখযোগ্য যে, জু ৰোজৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত ৰাজ্যখনৰ উচ্চ শিক্ষিত যুৱক, শিক্ষক গ্ৰেপ্তাৰ হ’বলগীয়া হোৱা ঘটনাই নিষিদ্ধ ঘোষিত সংগঠনটোৰ প্ৰতি জনসাধাৰণৰ নৈতিক সমৰ্থনক পুনৰ বাৰ প্ৰমাণ কৰিছে।