NORTHEAST NOW (Assamese)
অসম

বিভিন্ন কল্যাণমূলক আঁচনিৰ পৰ্যালোচনাৰ বাবে অসমত উপস্থিত কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 11, 2019 2:38 pm
D8xFbNxU0AAmbLR

মঙলবাৰে ৰাতিপুৱা অসমত আহি উপস্থিত হৈছে  মহিলা আৰু শিশু বিকাশ তথা বস্ত্ৰ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী।

কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁৰ এইটো প্ৰথম অসম ভ্ৰমণ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ অতিথিশালাত আহি উপস্থিত হয়।

D8xFkRPUYAAAU6Z
মন্ত্ৰী তথা বিষয়াসকলৰ সৈতে বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু মুখ্য মন্ত্ৰী সোণোৱাল। ফটো : টুইটাৰ

জানিব পৰা মতে, কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু মন্ত্ৰী ৰঞ্জিত দত্তৰ উপস্থিতি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বিভিন্ন কল্যাণমূলক আঁচনি ৰূপায়ন সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত মিলিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বৈঠকত অসমত ‘পছহান অভিযান’ৰ অগ্ৰগতি সম্পৰ্কেও আলোচনা কৰে।

ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হোৱাৰ সময়ত  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক  বিমানবন্দৰত ৰাজ্য চৰকাৰৰ প্ৰতিনিধিয়ে আদৰণি জনায়। বিমানবন্দৰৰ পৰা পোনে পোনে মন্ত্ৰী স্মৃতি ইৰাণী ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালালৈ ৰাওনা হয়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন কেইবাটাও অনুষ্ঠানতো অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।