NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত আকৌ চিট ফাণ্ড সদৃশ ব্যৱসায়ৰ জাল; Krushi Dhara নামৰ কোম্পানিয়ে গাইপতি ৩ হাজাৰকৈ সংগ্ৰহ কৰিছে লাখ লাখ টকা

Posted by: এন ই নাও নিউজ August 25, 2018 5:07 pm
ChitFund

সাৰদা, ৰ’জ ভেলি আদি চিট ফাণ্ডে অসমৰ ৰাইজৰ পৰা কোটি কোটি টকা লৈ উধাও হোৱাৰ পিছত বঞ্চিত, প্ৰতাৰিত ৰাইজৰ হা-হুমনিয়াহ কিছু শাম কটাৰ সময়তে শিৱসাগৰত আকৌ এনেকুৱা প্ৰতাৰকৰ দলে জাল পেলোৱা দেখা গৈছে।

শিৱসাগৰ জিলাখনৰ ভিতৰুৱা অঞ্চলতো সোমাবলৈ সক্ষম হোৱা এই দুষ্টচক্ৰই মহাৰাষ্ট্ৰৰ নাছিকত থকা ক্ৰুশি ধাৰা নামৰ এটা ব্যক্তিগত কোম্পানিৰ নাম লৈ হাজাৰ হাজাৰ লোকক নিজৰ চেইন ছিষ্টেম বিজনেছ বা চেইন মাৰ্কেটিঙৰ ব্যৱসায়ত অন্তৰ্ভুক্ত কৰাইছে।

এই দুষ্টচক্ৰটোৱে ব্যৱসায়ৰ শৃংখলত এজন লোকক যোগদান কৰাৰ বাবে বিভিন্ন প্ৰলোভনমূলক লাভ দেখুৱায়। আনহাতে যোগদান কৰাৰ মাচুল লয় ৩ হাজাৰকৈ টকা। অৱশ্যে সেই মূল্যৰ বুলি দাবী কৰা কাপোৰ আদি প্ৰডাক্ট যোগান ধৰে কোম্পানিটোৱে।

তাৰ পিছত আকৌ উক্ত সদস্যজনে আন দুজন লোকক যোগদান কৰালে কমিশ্যন প্ৰথমৰজনে কমিশ্যন লাভ কৰে। এইদৰে এজন লোকে কেইদিনমান সক্ৰিয়তাৰে কাম কৰি যথেষ্ট সংখ্যক লোকক জইন কৰাব পাৰিলে লাভ কৰে একোখন গাড়ী।

এই গাড়ীৰ প্ৰলোভনৰ বলত এতিয়া ব্যৱসায়টোৱে দ্ৰুত গতিত প্ৰসাৰ লাভ কৰিবলৈ ধৰিছে। যোগাদান কৰাসকলৰ বিনিময়ত দুষ্টচক্ৰই সংগ্ৰহ কৰিছে লাখ লাখ টকা।

এই ক্ৰুশি ধাৰা নামৰ কোম্পানিটোৰ ৱেবছাইটত (http://www.growindiago.in/) কোম্পানিটোৰ বিষয়ে পোৱা যায় যে এজন লোকৰ স্বত্বত থকা এই ব্যৱসায়টোৰ মূলধন মাত্ৰ ১ লাখ টকা।

ৰাজ্যখনৰ সৰ্বসাধাৰণে কেইবাবাৰো নিজৰ কষ্টোপাৰ্জিত ধন চেইন ছিষ্টেম বিজনেছ বা চিট ফাণ্ডত খটুৱাই সৰ্বস্বান্ত হোৱাৰ পিছত পুনৰ এনেকুৱা কোম্পানিয়ে নীৰৱে জাল পেলাই পুনৰ যে বহুতকে সৰ্বস্বান্ত নকৰিব তাৰ কি নিশ্চয়তা আছে?

চৰকাৰ আৰু স্থানীয় প্ৰশাসন এই বিষয়ত অৱগত হয় নে নহয় জনা নাযায়, যদিও সৰ্বসাধাৰণে অতীতৰ পৰা শিক্ষা লোৱাটোৱেই হ’ব সৰ্বোত্তম পথ।