NORTHEAST NOW (Assamese)
অসম

প্ৰথমে হিন্দু ভুৱা পৰিচয়েৰে প্ৰেম, তাৰ পাছত বলপূৰ্বক অপহৰণ কৰি ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ আইদুল আলীৰ

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ June 11, 2019 4:10 pm
WhatsApp Image 2019-06-11 at 3.30.36 PM

সমগ্ৰ ৰাজ্য ধৰ্ষণ আৰু যৌন নিৰ্যাতনক কেন্দ্ৰ কৰি উত্তাল হৈ থকাৰ সময়ত বাক্সাৰ জিলাৰ শালনীবাৰীত সংঘটিত হোৱা এটা লাভ জেহাদৰ ঘটনা পোহৰলৈ আহিছে।

প্ৰাপ্ত খবৰ অনুসৰি এগৰাকী হিন্দু সম্প্ৰদায়ৰ কিশোৰীক নিজকে ৰাহুল নাথ বুলি ভুৱা পৰিচয় দিয়া আইদুল আলী নামৰ বিশেষ সম্প্ৰদায়ৰ এজন যুৱকে প্ৰেম নিবেদন কৰাৰ চলেৰে প্ৰথমে অপহৰণ আৰু পাছত ধৰ্ষণ কৰাৰ জঘন্য কাণ্ড পোহৰলৈ আহিছে। বৰ্তমান আৰক্ষীৰ হাতত আটক হৈছে বঙাইগাঁৱৰ যুৱক আইদুল আলী।

উল্লেখযোগ্য যে, বাক্সাৰ শালবাৰীৰ খাগ্ৰাবাৰীৰ দাস উপাধিৰ ১৪ বছৰীয়া কিশোৰীগৰাকীক বঙাইগাঁৱৰ অভয়াপুৰীৰ ১ নং শালমাৰা গাঁৱৰ বাসিন্দা আব্দুল আলীৰ পুত্ৰ আইদুল আলীয়ে প্ৰায়ে নিজকে ৰাহুল নাথ বুলি ভুৱা পৰিচয় দি কথা-বতৰা পাতি আহিছিল।

৮ জুনৰ দিনাখন বাক্সাৰ কালপানীৰ মোমায়েকৰ ঘৰলৈ গৈ থকা সময়ত কিশোৰীগৰাকীক ৰাহুল নাথ বুলি পৰিচয় দিয়া আইদুল আলীয়ে ৰাস্তাৰ পৰা বলপূৰ্বক কোনো অজ্ঞাত ঠাইলৈ উঠাই লৈ যায় আৰু এগৰাকী আত্মীয়ৰ ঘৰত ৰাখি দুই দিন ধৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰে।

আনহাতে, গোপন সূত্ৰৰ পম খেদি ১০ জুনৰ দিনাখন ৰাইজে আইদুল আলীৰ সন্ধান উলিয়াই আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

কিশোৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত গোৱৰ্দ্ধনা আৰক্ষীয়ে লম্পট চৰিত্ৰৰ আইদুল আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটকাধীন যুৱকজনৰ বিৰুদ্ধে প’কচো আইনৰ ৪ নং ধাৰা মতে ভাৰতীয় দণ্ডবিধিৰ ৩৬৬/৩৭৬ ধাৰাৰ অধীনত কেচ নম্বৰ ১৫৩/১৯ ত এটা গোটৰ ৰুজু কৰিছে।