NORTHEAST NOW (Assamese)
অসম

নীল-অভি হত্যা: নগাৱঁৰ আদালতত পুনৰ হাজিৰ কৰোৱা হ’ব সাক্ষী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 11, 2019 9:01 pm
Abhi-NeelAbhi-Neel Abhi-Neel murder case: Witness to be reproduced in Nagaon session court

যোৱা বছৰ ৮ জুনত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ ১৭নম্বৰ সাক্ষী নোমল বসুমতাৰীক বুধবাৰে পুনৰবাৰ হাজিৰ কৰোৱা হ’ব নগাওঁ সত্ৰ আদালতত।

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটো সম্পৰ্কীয় এক শুনানিৰ পিছতে এই কথা জানিবলৈ দিয়ে গুচৰীয়া পক্ষৰ অধিবক্তা বিজন মহাজনে।

‘উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰে যে নিম্ন আদালতৰ যি ৰায়দান আছিল তাত উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰা নাই, নিম্ন আদালতৰ হুকুমেই বাহাল থাকিব। কাইলৈ যিগৰাকী সাক্ষী নোমল বসুমতাৰীক পুনৰ নগাওঁ চেশ্যন আদালতত হাজিৰ কৰাব আৰু পুনৰ পৰীক্ষণ কৰিব।‘ মহাজনে কয়।

নগাওঁ সত্ৰ আদালতে দিয়া হুকুম নামাঞ্জুৰ কৰিবলৈ ডকমকা কাণ্ডৰ চাৰিজন কাৰাৰুদ্ধ আচামীয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

তেওঁ কয় ‘কাইলৈ তেওঁক পুনৰ পৰীক্ষণ কৰাৰ দিন। আজি ডকমকা কাণ্ডৰ চাৰিজন আচামীয়ে উচ্চ ন্যায়ালয়ৰ এখন আবেদন দাখিল কৰিছে। যোৱা ৭ জুনৰ দিনা চেশ্যন আদালতে নোমল বসুমতাৰীক পুনৰ পৰীক্ষণ কৰিবলৈ হুকুম জাৰি কৰিছিল। এইটো নামাঞ্জুৰ কৰিব লাগে বুলি আচামীয়ে আবেদন জনাইছিল।‘

‘চেশ্যন আদালতে এটা ৰায়দান কৰিছিল যে এই গোচৰটোৰ ১৭ নম্বৰ সাক্ষী নোমল বসুমতাৰীয়ে তেওঁৰ ১৬৪ ষ্টেইটমেন্টত যিবিলাক আচামীক চিনাক্ত কৰিছিল, সেই আচামীবিলাকৰ নাম আদালতৰ আগত দিয়া ভাষ্যত ব্যক্ত কৰা নাছিল। তাৰ পৰিপ্ৰেক্ষিতত প্ৰচিকিউচনে সাক্ষীজনক পুনৰ মাতিব লাগে বুলি আৰু পুনৰীক্ষণ কৰিব লাগে বুলি নগাওঁ চেশ্যন আদালতে হুকুম জাৰি কৰিছিল।‘ এইদৰে অধিবক্তা মহাজনে কয়।

আনহাতে, মঙ্গলবাৰে উচ্চ ন্যায়ালয়ত উক্ত গোচৰক লৈ দীঘলীয়া শুনানি হয় বুলি মন্তব্য কৰি মহাজনে কয় ‘ডকমকা গোচৰত অভিযুক্ত চাৰিজন কাৰাৰুদ্ধৰ হৈ যুক্তি প্ৰদৰ্শন কৰে। চেশ্যন আদালতৰ হুকুম যাতে খাৰিজ কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰৰ হৈ অধিবক্তা পি পি বৰুৱাই প্ৰবল যুক্তি দৰ্শায়। পৰিয়ালবৰ্গৰ হৈ আমি নিজে যুক্তি দাঙি ধৰো।‘