NORTHEAST NOW (Assamese)
অসম

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৩১ লাখ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 24, 2020 5:00 pm

ভাৰতত বিগত ২৪ ঘণ্টাত নতুনকৈ ৬১,৪০৭ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়।

ইয়াৰ ফলত ভাৰতত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৩১,০৬,৩৪৮ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, বিগত ২৪ ঘণ্টাত ৮৩৬ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱাত দেশত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫৭,৫৪২ গৰাকীলৈ বৃদ্ধি পায়।

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি ভাৰতত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা ২৩,৩৮,০৩৫ গৰাকীলৈ বৃদ্ধি পাইছে। বিগত ২৪ ঘণ্টাত দেশত মুঠ ৫৭,৪৬৯ গৰাকী লোক ক’ৰ’না মুক্ত হৈছে।

ভাৰতত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰ ৭৪.৯০ শতাংশ।

মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ভাৰতত ৭,১০,৭৭১ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

তদুপৰি, দেশত মৃত্যুৰ হাৰো ১.৮৬ শতাংশলৈ হ্ৰাস পাইছে।