NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনালে নৱ নিৰ্বাচিত দুই সাংসদ তপন কুমাৰ গগৈ আৰু তাচাই

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ June 12, 2019 6:58 am
3

মঙলবাৰে শিৱসাগৰ জিলা জনতা যুৱ মৰ্চাৰ উদ্যোগত চহৰৰ নাট্যমন্দিৰত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা চূড়ান্ত পৰীক্ষাত ৯০ শতাংশৰ উৰ্দ্ধৰ ৯০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংচনসহ উত্তীৰ্ণ হোৱা ৮৮ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়।

অনুষ্ঠানত উপস্থিত থাকি যোৰহাট লোকসভাৰ নৱ নিৰ্বাচিত সাংসদ তপন কুমাৰ গগৈয়ে কয় যে সমগ্ৰ বিশ্বৰ চাহিদা অনুসৰি আমি নৱ প্ৰজন্মক মানৱ সম্পদ ৰূপে গঢ়ি তুলিব লাগিব। বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ যুগত বৃহৎ বিশ্বখন ক্ষুদ্ৰ গাঁৱলৈ ৰূপান্তৰিত হৈছে। এনে সময়ত দ্ৰুত গতিৰে আগুৱাই যোৱা পৃখিৱীখনত আমাৰ নৱ প্ৰজন্মই আগুৱাই যাবই লাগিব। তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষা নীতি প্ৰস্তুত কৰিছে। যাৰ দ্বাৰা শিক্ষাৰ মানদণ্ড উন্নত হ’ব।

আনহাতে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা ৰাজ্যসভাৰ নৱ নিযুক্ত সাংসদ কামাখ্যা প্ৰসাদ তাচাই কয়, ‘ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমানৰ প্ৰতিযোগিতামূলক পৃথিৱীত অধিক কষ্ট কৰাৰ লগতে নৈতিকতা মূল্যবোধৰ শিক্ষা গ্ৰহণ কৰিব লাগিব’। তেওঁ লগতে প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাৰ শিক্ষা ব্যৱস্থাটো উন্নত কৰিব লাগিব বুলিও মন্তব্য কৰে।

অনুষ্ঠানত গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই কয় যে, বৰ্তমানৰ শিক্ষা ব্যৱস্থাত সফলতাৰ মাপকাঠি নিৰূপিত হৈছে কেৱল নম্বৰৰ ওপৰত। যাৰ বাবে আজিৰ যান্ত্ৰিকতাৰ যুগত বহু ছাত্ৰ-ছাত্ৰীয়ে আত্মীক সম্পৰ্ক পাহৰি পেলাইছে।

অভিনন্দন অনুষ্ঠানত জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিল, শিৱসাগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ প্ৰফুল্ল চন্দ্ৰ কলিতা, জিলা বিজেপি সভানেত্ৰী সুৰভি ৰাজকুমাৰী, শিৱসাগৰ পৌৰ সভাৰ পৌৰনেত্ৰী মৃদুস্মিতা সিনহা, ৰাজ্যিক বিজেপি সম্পাদক ভবেন্দ্ৰ নাথ মহন, ধ্ৰুৱজ্যোতি মাউট, ময়ুৰ বৰগোঁহাই, প্ৰাঞ্জল কটকীকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।