NORTHEAST NOW (Assamese)
অসম

কথমপি প্ৰাণ ৰক্ষা মন্ত্ৰী অতুল বৰাৰ, নগাঁৱত পথ দুৰ্ঘটনা

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা June 13, 2019 10:44 pm
Assam minister Atul Bora's convoy accident in Nagaon

নগাওঁ জিলাৰ পুৰণিগুদামত বৃহস্পতিবাৰে এক পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰিছে অসমৰ কৃষি মন্ত্ৰী অতুল বৰাৰ।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ গড়মূৰ এলেকাত নিশা প্ৰায় ৯ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছে। মন্ত্ৰী বৰাই কোনো আঘাত পোৱা নাই যদিও তেওঁৰ কনভয়ৰ দুগৰাকী ব্যক্তিয়ে কিছু আঘাত পাইছে।

জানিব পৰা মতে গুৱাহাটীৰ পৰা গোলাঘাটলৈ গৈ থকা বৰাৰ কনভয়ৰ সন্মুখত এখন তেম্প’ (এ এচ ০২ বি চি ৩৬৩৯) গাড়ী হঠাতে আহি পৰাত তেওঁৰ কনভয়ৰ বাহনসমূহে নিয়ন্ত্ৰণ হেৰুৱায়।

ফলত বৰাৰ এ এচ ০১ বি জেড ০২২২ নম্বৰৰ ইন’ভা গাড়ীখনৰ লগতে কনভয়টোৰ আন দুখন গাড়ীও দুৰ্ঘটনাত পতিত হয়।

তেম্প’খনৰ চালকজনক স্থানীয় ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক ঘটাই দিয়ে। চালকজনৰ গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নাছিল।

দুৰ্ঘটনাটোৰ পিছতে ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়োকাষে তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ এঘণ্টা পিছলৈকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা নাছিল। আৰক্ষী উপস্থিত নোহোৱা পৰ্য্যন্ত প্ৰায় এক ঘণ্টা সময় মন্ত্ৰীজনে গড়মূৰৰ এখন দোকানৰ চোতালত অৱস্থান কৰে।