NORTHEAST NOW (Assamese)
অৰুণাচল

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক শীতল কৰি তুলিব ধাৰাসাৰ বৰষুণে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 14, 2019 7:24 am
IMD issues alert over heavy rainfall in Assam, Meghalaya

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিগত কেই সপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ পাছত হঠাতে আৰম্ভ হোৱা গ্ৰীষ্ম প্ৰবাহে জনজীৱনক বেয়াকৈ স্পৰ্শ কৰিছে।

তথ্য অনুসৰি, বৃহস্পতিবাৰে গুৱাহাটীত তাপমাত্ৰা ৩৬ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে ইটানগৰ আৰু আগৰতলাত তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে। এই তাপমাত্ৰা স্বাভাৱিক মাত্ৰাতকৈ ২ৰ পৰা ৩ ডিগ্ৰী অধিক।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ অনুসৰি, যোৱা ১২ জুনত নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত সৰ্বোচ্চ তাপমাত্ৰা স্বাভাৱিক তাপমাত্ৰাতকৈ ওপৰত (৩.১ ডিগ্ৰী চেলছিয়াছৰ পৰা ৫.০ ডিগ্ৰী চেলছিয়াছলৈ) অধিক আছিল।

আনকি যোৱা ১২ জুনত সৰ্বনিম্ন তাপমাত্ৰাও স্বাভাৱিক তাপমাত্ৰাতকৈ অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ,মিজোৰাম, আৰু ত্ৰিপুৰাত (১,৬ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩.০ডিগ্ৰী চেলছিয়াছলৈকে) অধিক আছিল।

আনহাতে ,অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ জনসাধাৰণে হঠাতে হোৱা গ্ৰীষ্ম প্ৰবাহত চিন্তিত হৈ পৰে যদিও ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৯৬ ঘন্টাত এই অঞ্চলৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ১৪ জুনত জাৰি কৰা বতৰৰ আগলি বতৰা অনুসৰি  অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত বিজুলী ঢেৰেকনিৰে বৰষুণ হ’ব।

সেইদৰে ১৫ আৰু ১৬ জুনত ছিকিম, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ,মিজোৰাম, আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হ’ব।