NORTHEAST NOW (Assamese)
অসম

গণৰাজ্য দিৱসত দিল্লীৰ পেৰেডত অংশগ্ৰহণ কৰিব ১০ খন আছিয়ান দেশৰ মুৰব্বীয়ে

Posted by: এন ই নাও নিউজ January 24, 2018 9:41 pm
গণৰাজ্য দিৱস

ভাৰতবৰ্ষ আৰু আছিয়ান দেশ সমূহৰ ২৫ বছৰীয়া মৈত্ৰী আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক অধিক সুদৃঢ় কৰাৰ দিশত এক নতুন মাত্ৰা প্ৰদান কৰি ভাৰতবৰ্ষৰ ৬৯ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত হ’ব লগীয়া পেৰেড অনুষ্ঠানত ১০ খন আছিয়ান দেশৰ মুৰব্বীয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব।

মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব লগীয়া আছিয়ান দেশৰ মুৰব্বী সকলৰ সন্মানাৰ্থে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এক নৈশ ভোজৰ আয়োজন কৰিছে।

‘এক ইষ্ট পলিচি’ ৰূপায়ণৰ ক্ষেত্ৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলে বহন কৰা গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি এই নৈশ ভোজত প্ৰধান মন্ত্ৰী গৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো আমন্ত্ৰণ জনাইছে।

উল্লেখযোগ্য যে ‘এক্ট ইষ্ট পলিচি’ ৰূপায়ণত আছিয়ান দেশ সমূহে গুৰুত্বপূৰ্ণ সম্ভাৱনীয়তা বহন কৰিছে। আনহাতে আছিয়ান দেশ সমূহৰ সৈতে বাণিজ্যিক তথা অন্যান্য সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে এক বিশেষ ভৌগোলিক স্থানত অৱস্থান কৰিছে।

প্ৰধান মন্ত্ৰী গৰাকীয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এই নৈশ ভোজলৈ  আমন্ত্ৰণ জনোৱাৰ মূলতে হ’ল ১০ খন আছিয়ান দেশৰ মুৰব্বী সকলৰ সৈতে প্ৰত্যক্ষভাৱে মত-বিনিময়েৰে অসমত ‘এক্ট ইষ্ট পলিচি’ ৰূপায়ণৰ দিশটোক আগবঢ়াই নিয়া।

তাৰোপৰি অহা ৩ আৰু ৪ ফেব্ৰুৱাৰিত গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগীয়া ‘এডভাণ্টেজ আচাম’ শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনত বহু কেইখন আছিয়ান দেশৰ প্ৰতিনিধিয়ে অংশ লোৱাৰ সম্ভাৱনীয়তা আছে।