NORTHEAST NOW (Assamese)
অসম

বৰপেটাত দেশৰ ভিতৰত প্ৰথম ভোজন অধিকাৰ মেলা সম্পন্ন

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস June 15, 2019 6:37 am
index 2

বৰপেটাত শুকুৰবাৰে অনুষ্ঠিত হয় দেশৰ ভিতৰত প্ৰথম জিলাভিত্তিক ভোজন অধিকাৰ মেলা ৷ ভাৰতীয় খাদ্য সুৰক্ষা মানদণ্ড কৰ্তৃপক্ষৰ উদ্যোগত দেশজুৰি আৰম্ভ হোৱা জন আন্দোলনৰ অংশ হিচাপে বৰপেটা জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত এই মেলা অনুষ্ঠিত হয় ৷

পুৱা ৭ বজাত যোগাভ্যাসৰ জৰিয়তে মেলাৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতে সজাগতামূলক চাইকেল ৰেলী উলিওৱা হয় ৷ উদ্বোধনী সভাত বৰপেটাৰ বিধায়ক গুণীন্দ্ৰ নাথ দাস কয় যে, মানুহৰ পৰিৱৰ্তিত খাদ্যাভ্যাসে স্বাস্থ্যজনিত বহু সমস্যাৰ সৃষ্টি কৰিছে ৷ নিজকে নিৰোগী কৰি ৰাখিবলৈ সঠিক আৰু পৰ্যাপ্ত আহাৰ গ্ৰহণ কৰাৰ বাবেও ৰাইজক আহ্বান জনায় বিধায়ক গৰাকীয়ে ৷

সভাখনত বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ভাষণ প্ৰসংগত কয়, “থলুৱা খাদ্য পৰিবেশ পৰিস্থিতিৰ বাবে উত্তম ৷”

সভাখনত অসম ৰাজ্যিক বিত্তীয় নিগমৰ উপাধ্যক্ষ অনিল দাস, জিলা উন্নয়ন আয়ুক্ত বাবুল চহৰীয়া, খাদ্য সুৰক্ষা বিষয়ৰ বিশেষ কৰ্তব্যৰত বিষয়া মুকুল চন্দ্ৰ গগৈ, খাদ্য আৰু পৰিপুষ্টি সুৰক্ষা সংস্থাৰ কাৰ্যবাহী সঞ্চালক ডাঃ সুজিত ৰঞ্জন, বিশ্ব বেংকৰ কাৰ্যবাহী ড° দীপিকা আনন্দে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৷

মেলাত স্বাস্থ্য, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ বিপণীয়ে অংশ গ্ৰহণ কৰে ৷ ইয়াত কম খৰচত পুষ্টিকৰ আহাৰ প্ৰস্তুতিৰ আৰ্হিও প্ৰদৰ্শন কৰা হয় ৷

আনহাতে, মেলাৰ লগত সংগতি ৰাখি সজাগতামূলক বাটৰ নাট, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷ সন্ধিয়া সংগীতানুষ্ঠানৰ পাছতে মেলাৰ সামৰণি পৰে ৷