NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ উদীয়মান ক্ৰিকেটাৰৰ বাবে অসম ক্ৰিকেট সন্থাৰ বিশেষ সুযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 15, 2019 2:39 pm
Assam-Goa_d

অসমৰ উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে অসম ক্ৰিকেট সন্থাই বিশেষ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছে। ল’ৰাৰ ১৯ বছৰৰ অনূৰ্দ্ধৰ প্ৰশিক্ষণ শিৱিৰত ভাগ লোৱা ক্ৰিকেটাৰসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্ট্ৰেডিয়ামত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ আয়োজন কৰিছে সন্থায়।

অসম ক্ৰিকেট সন্থাই আয়োজন কৰা প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰা অসমৰ উদীয়মান খেলুৱৈ সকলক প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰাৰ পূৰ্বে উপদেশ প্ৰদান কৰে অসম ক্ৰিকেট দলৰ প্ৰাক্তন ৰঞ্জী অধিনায়ক ৰাজেশ বৰাই।

খেলুৱৈ সকলক উদ্দেশ্য কৰি দিয়া ভাষণত বৰাই কয় যে ভাৰতত বৰ্তমান সময়ত ক্ৰিকেটৰ ক্ষেত্ৰখনত সুযোগ যথেষ্ট। আই পি এলে খেলুৱৈসকলৰ বাবে দুৱাৰ মুকলি কৰি দিছে গতিকে খেলুৱৈসকলৰ একমাত্ৰ কৰ্তব্য হ’ল প্ৰতিটো ছিজনত ভাল প্ৰদৰ্শন দেখুৱাই নিজৰ খেলক আগবঢ়াই নিয়া।

আনহাতে, অসমৰ প্ৰাক্তন ৰঞ্জী অধিনায়কগৰাকীয়ে অসমৰ নতুন খেলুৱৈসকলৰ অনুশীলনৰ বাবে বিভিন্ন দিশত পৰামৰ্শ দিয়াৰ উপৰিও অনুশীলনৰ বাবে প্ৰয়োজনীয় অত্যাধুনিক আন্তঃগাঠনি বৃদ্ধি কৰাতো গুৰুত্ব আৰোপ কৰে।