NORTHEAST NOW (Assamese)
Popular Stories

“ভেকচিন নাই বাবে আমি ডিঙিত ৰছি লগাই মৰি যোৱা উচিত নেকি?” : কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 14, 2021 4:17 pm

”ভেকচিনৰ উৎপাদন হোৱা নাই বাবে আমি কি ডিঙিত ৰছি লগাই মৰি যোৱা উচিত নেকি?”

কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ডিভি সদানন্দ গৌড়াই বৃহস্পতিবাৰে বেংগালুৰুত এইদৰে প্ৰশ্ন কৰে।

ভেকচিনৰ যোগানক লৈ প্ৰায় সকলো ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি সমালোচনাত মুখৰ হৈছে।

মন্ত্ৰীগৰাকীয়েও বৃহস্পতিবাৰে সাংবাদিকৰ প্ৰশ্নৰ মুখামুখি হয়।

আদালতৰ নিৰ্দেশ সত্বেও কেন্দ্ৰই কিয় ভেকচিনৰ যোগান ধৰাত ব্যৰ্থ হৈছে, সেই বিষয়ে তেওঁক প্ৰশ্ন কৰে।

”আদালতে ঠিকেই কৈছে, দেশৰ প্ৰত্যেক নাগৰিকে ভেকচিন লাভ কৰাটো প্ৰাপ্য, কিন্তু কওক, আদালতে যদি কাইলৈ ইমান পৰিমাণৰ ভেকচিন দিবলৈ কয়, যিটো উৎপাদনেই হোৱা নাই, তেনেহ’লে কি আমি ডিঙিত ৰছি লগাই মৰি যোৱা উচিত নেকি?”- সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়।

তেওঁ কয় যে চৰকাৰে দায়িত্ব পালনৰ চেষ্টা কৰিছে, কিন্তু অনেক সমস্যাই দেখা দিছে।

”কিছুমান কথা আমাৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকে। সকলো কি ইমান সহজ নেকি?”- তেওঁ কয়।