NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্বাচনমুখী মেঘালয়ত ইজনৰ পিছত সিজন বিধায়কৰ কংগ্ৰেছত যোগদান

Posted by: এন ই নাও নিউজ January 24, 2018 9:53 pm
মেঘালয়ৰ মুখ্য মন্ত্ৰী মুকুল চাংমা

কংগ্ৰেছত যোগদান কৰিব মেঘালয়ৰ নিৰ্দলীয় বিধায়ক মাইকেল টি চাংমাই।

মেঘালয় বিধানসভাৰ পৰা পদত্যাগ কৰা নিৰ্দলীয় বিধায়কজনে কংগ্ৰেছত যোগ দি কংগ্ৰেছী প্ৰাৰ্থী হিচাপে তিক্ৰিকিলা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে ২০১৩ চনৰ নিৰ্বাচনত তেওঁ উক্ত সমষ্টিৰ পৰাই নিৰ্দলীয়ভাৱে প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

আজি তেওঁৰ পদত্যাগপত্ৰ গ্ৰহণ কৰে বিধানসভাৰ অধ্যক্ষ আবু তাহেৰ মণ্ডলে।

তেওঁৰ পদত্যাগৰ লগে লগে ৬০ জনীয়া মেঘালয় বিধানসভাৰ সদস্যসংখ্যা ৪৩ জনলৈ হ্ৰাস পালে।

এন চি পিৰ বিধায়ক মাৰ্থন চাংমা আৰু নিৰ্দলীয় ব্ৰিগাদি মাৰাকে কালি মেঘালয় বিধানসভাৰ পৰা পদত্যাগ কৰিছিল। তেওঁলোক দুয়োজনেই আসন্ন নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব।

অন্য এগৰাকী নিৰ্দলীয় বিধায়ক ৰাজাবালা সমষ্টিৰ আশাহেল শ্বিৰায়ো কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে।