NORTHEAST NOW (Assamese)
অসম

গোলাঘাটত ঠিকাভিত্তিত প্ৰাথমিক টেট শিক্ষকৰ ধৰ্ণা; মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া June 18, 2019 10:05 pm
primary TET teacher protest

টেট শিক্ষকসকলক গাড়ী চালকেৰে  তুলনা কৰি  তীব্ৰ বিতৰ্কত সোমাই পৰা শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ কাম-কাজত ৰাজ্যৰ টেট শিক্ষকসকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। টেট উত্তীৰ্ণ শিক্ষকে অসম সৰ্বশিক্ষা অভিযান মিছনৰ অধীনত ঠিকাভিত্তিত নিযুক্তি লাভ কৰি বিভিন্ন সমস্যাৰ মাজেৰে সেৱা আগবঢ়াই আহিছে যদিও তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্যচৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। বি

বিধান সভা নিৰ্বাচনত বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত এইসকল শিক্ষকৰ চাকৰি নিয়মীয়া কৰা সন্দৰ্ভত স্পষ্টকৈ উল্লেখ কৰিছিল যদিও দলটোৱে চৰকাৰ গঠনৰ তিনিটা কাৰ্যকালৰ  অতিক্ৰম কৰাৰ পাছতো কোনো পদক্ষেপ গ্ৰহণ নকৰাত টেট শিক্ষকসকলে ব্যাপক অসন্তুষ্টি ব্যক্ত কৰিছে।

আজি সমগ্ৰ ৰাজ্যৰ হাজাৰ হাজাৰ  ঠিকাভিত্তিত কৰ্মৰত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকৰ লগতে গোলাঘাট জিলাৰ  প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষকসকলেও জিলা উপায়ুক্ত  কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে।

সদৌ অসম প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সমাজৰ আহ্বানমৰ্মে ৰূপায়ন কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গোলাঘাট জিলা সমিতিয়ে ঠিকাভিত্তিত কৰ্মৰত প্ৰাথমিক টেট উৰ্ত্তীণ শিক্ষক সকলৰ চাকৰি বিনাচৰ্তে বেতন সুৰক্ষাসহ নিয়মীয়া কৰাৰ দাবী জনায়।

দুপৰীয়া প্ৰায় এক বজাত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ পিছতে সমিতিখনে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন দাবী সন্মিলিত স্মাৰকপত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে টেট শিক্ষকসকলৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে আহ্বান জনায়।