NORTHEAST NOW (Assamese)
অসম

শুৱালকুছিৰ শিপিনীয়ে ২০ শতাংশ ৰেহাই মূল্যত পাব পাটসূতা

Posted by: এন ই নাও নিউজ January 25, 2018 11:14 am
Representative Image

শুৱালকুছিৰ পাট-মূগাৰ শিপিনী আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে সুখবৰ। পহিলা ব’হাগৰ পৰা লাভ কৰিব ৰেহাই মূল্যত পাটসূতা। চৰকাৰৰ দ্বাৰা স্বীকৃতি পোৱা প্ৰতিগৰাকী ‘কাৰ্ড হ’ল্ডাৰ’ শিপিনীয়ে নিজৰ পৰিচয়-পত্ৰৰ জৰিয়তে এখন তাঁতশালৰ বিপৰীতে মাহত ২০ শতাংশ ৰেহাই মূল্যত ৪ কেজি পাটসূতা পাব।

বুধবাৰে ৰাজ্যৰ শিক্ষা তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজৰ গৃহ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত শুৱালকুছি ভ্ৰমণত যাওতে এই কথা সদৰী কৰে। তদুপৰি আৰ্টফেডৰ সহযোগত শুৱালকুছি ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠানত ষ্ঠাপন কৰা সূতাৰ ভঁৰালৰ পৰা পাটসূতা শিপিনীসকলে ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব।

আনহাতে শুৱালকুছিৰ পাটসূতাৰ ব্যৱসায়ীসকলে শিপিনীৰ পৰা ৰচিদবিহীনভাবে পাটসূতাত জি এছ টিৰ বাবদ ধন লোৱা সন্দৰ্ভত আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে অতি শীঘ্ৰে কৰ বিভাগৰ জৰিয়তে তদন্ত চলাব বুলিও উল্লেখ কৰে।

সূতাৰ ভঁৰাল স্থাপনে শিপিনীসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাব বুলি কয় আৰু মন্ত্ৰী শৰ্মাই সূতাৰ ভঁৰালৰ পৰিচালকৰ বাবে জিলা উপায়ুক্তক লৈ এখন শক্তিশালী সমিতি গঠন কৰাৰো পোষকতা কৰে যাতে শিপিনীসকলে সূতা ক্ৰয় কৰাত কোনো অসুবিধাৰ সন্মুখীন নহয়।

স্বাভাৱিকতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে ঘোষণাৰ পিছতে শুৱালকুছিৰ শিপিনী তথা ক্ষুদ্ৰ ব্যৱসায়ীসকল যথেষ্ট উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।