NORTHEAST NOW (Assamese)
অসম

শ্বীনা বৰাৰ উৱলি যোৱা মৃতদেহ আৱিস্কাৰ কৰা লোকজনক জেৰা ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2019 5:56 pm
625664-sheena-bora

শ্বীনা বৰা হত্যাৰ অভিযুক্ত প্ৰাক্তন মিডিয়া বেৰণ পীটাৰ মুখাৰ্জী আৰু তেওঁৰ পত্নী ইন্দ্ৰাণী মুখাৰ্জীৰ অধিবক্তাই বুধবাৰে শ্বীনা বৰাৰ আধা জ্বলি যোৱা মৃতদেহৰ জকাটো প্ৰথম আৱিস্কাৰ কৰা গাঁৱৰ লোকজনৰ জেৰা কৰে।

শ্বীনা বৰাৰ হত্যাকাণ্ডৰ গোচৰটোৰ ৭০ সংখ্যক সাক্ষী হিচাপে গনেশ ধানে নামৰ লোকজনক জেৰা কৰা হয়।

মুম্বাইৰ সমীপৰ হেটেভনে গাঁৱৰ ধানে আদালতত কয় যে তেওঁ যেতিয়া ২০১২ চনত উক্ত অঞ্চলটোৰ কাষেৰে পাৰ হৈ গৈছিল তেতিয়া তেওঁ এই অৱশিষ্ট মৃতদেহৰ জকাটো আৱিস্কাৰ কৰিছিল।

তেওঁ আদালতক জানিবলৈ দিয়ে যে এখন টেম্পো ট্ৰেভেলাৰেৰে গৈ থাকোতে গৰাকীয়ে আম তুলিবৰ বাবে গাড়ীখন ৰখাইছিল। তাত সেই উৱলি যোৱা মৃতদেহটোৰ পৰা বিকট গোন্ধ এটা ভাহি আহিছিল। মৃতদেহৰ পৰি থকা জকাটো দেখাৰ পাছত তেওঁ স্থানীয় আৰক্ষীক জনাইছিল।

প্ৰত্যক্ষদৰ্শীজনে দাবী কৰে যে তেওঁ আৰক্ষীক জনোৱাৰ পাছতে তদন্তকাৰী বিষয়াৰ দল এটাই ঘটনাস্থলী পৰিদৰ্শন কৰিছিল আৰু চিকিৎসকে হাড় আৰু দাঁতৰ নমুনা সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে ২০১৫ চনত ইন্দ্ৰাণী মুখাৰ্জীৰ ড্ৰাইভাৰ শ্যামবৰ ৰায়ক অবৈধভাৱে মাৰণাস্ত্ৰ লগত ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰাৰ পাছতে শ্বীনা বৰা হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছিল। জেৰাত শ্যামবৰে ইন্দ্ৰাণী মুখাৰ্জীয়ে শ্বীনাক হত্যা কৰাৰ কথা সদৰী কৰিছিল।