NORTHEAST NOW (Assamese)
অসম

বিষয়াৰ পদ মৰ্যাদাক লৈ ল’ৰা-ধেমালি গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 20, 2019 10:45 pm
111-3

নিশাটোৰ ভিতৰতে এগৰাকী অৱসৰপ্ৰাপ্ত এচিএছ বিষয়াই লাভ কৰিলে পদোন্নতি।

হয়, অসম আসামৰিক সেৱা (এচিএছ)ৰ বিষয়া ৰাজীৱ প্ৰকাশ বৰুৱা হঠাৎ হৈ পৰিল অতিৰিক্ত মুখ্য সচিব।

প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ ইন্টাৰনেল কোৱালিটি এছিউৰেন্স চেলৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আমন্ত্ৰণী পত্ৰত ৰাজীৱ প্ৰকাশ বৰুৱাক অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বুলি উল্লেখ কৰা হৈছে।

‘’শ্ৰী ৰাজীৱ প্ৰকাশ বৰুৱা, অতিৰিক্ত মুখ্য সচিব, অসম চৰকাৰ, অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি কথা দিছে,’’-সহযোগী সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আমন্ত্ৰণী পত্ৰত এইদৰে উল্লেখ কৰা হৈছে।

এইখিনিতে উল্লেখযোগ্য যে ৰাজীৱ প্ৰকাশ বৰুৱাই যোৱা ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত অসম চৰকাৰৰ অতিৰিক্ত সচিব পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে।

বৰুৱাই অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

অৱসৰ গ্ৰহণৰ পাছতেই তেওঁক বিশেষ বিবেচনাৰে তথ্য আৰু জনসংযোগ বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ’ এছ ডি) হিচাপে নিযুক্তি দিয়া হৈছিল।

তদুপৰি, বৰুৱাক অতিৰিক্ত সচিব পদ মৰ্যাদাৰেও নিযুক্তি দিয়া হৈছিল।

আমন্ত্ৰণী পত্ৰখনত স্বাক্ষৰ কৰিছে প্ৰাগজ্যোতিষ কলেজৰ ইন্টাৰনেল কোৱালিটি এছিউৰেন্স চেলৰ সমন্বয়ক ড০ মনজিৎ কুমাৰ মজুমদাৰে।