NORTHEAST NOW (Assamese)
অসম

গান্ধী জয়ন্তী: শংকৰদেৱ শিশু নিকেতন, কৰৰাত ৰক্তদান শিবিৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2019 9:16 pm
Gandhi Jayanti: Blood donation camp held at SSN, Karara

বাইহাটা চাৰিআলি অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন, কৰৰাত গান্ধী জয়ন্তী উপলক্ষে বুধবাৰে এটি ৰক্তদান শিবিৰ তথা চাফাই অভিযানৰ আয়োজন কৰা হয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু এইচ দি এফ চি বেংকৰ সহযোগত প্ৰাক্তন ছাত্ৰ ভাৰতীয়ে আয়োজন কৰা উক্ত কাৰ্য্যসূচীত ৰক্তদাতাৰ লগতে আন বহু লোকেও ভাগ লয়।

শিবিৰটো ২৫ বছৰ সম্পূৰ্ণ কৰিবলৈ আগবঢ়া বিদ্যালয়খনৰ বছৰজোৰা ৰূপালী জয়ন্তী কাৰ্য্যসূচীৰো অন্যতম অংশ হিচাপে আয়োজন কৰা হৈছিল।

অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি মুকলি কৰে নিকেটনখনৰ অধ্যক্ষ দ্বিজেন শৰ্মাই। ৰক্তদান শিবিৰ উদ্বোধন কৰে স্থানীয় সমাজকৰ্মী অংকুৰ দাসে।

অনুষ্ঠানৰ শেষত প্ৰাক্তন ছাত্ৰ ভাৰতীয় অধ্যক্ষ আৰু সম্পাদক ক্ৰমে ভাস্কৰজ্যোতি শৰ্মা আৰু হৰজ্যোতি বুদ্ধই অনুষ্ঠানটোত সহযোগিতা আগবঢ়োৱা সমূহ চিকিৎসক আৰু বিষয়ববীয়াক সম্বৰ্ধনা জনোৱাৰ লগতে নিকেটন চৌহদক প্লাষ্টিকমুক্ত কৰিবলৈ সংকল্প গ্ৰহণ কৰে।