NORTHEAST NOW (Assamese)
অসম

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অশীতিপৰ ব্ৰজেন্দ্ৰ ব্ৰহ্ম আই চি ইউত

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী October 3, 2019 8:54 pm
Former Prez of Bodo Sahitya Sabha Brajendra Kr Brahma in ICU

বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম শিলিগুৰিৰ মলয় হস্পিতেল আৰু ৰিচাৰ্চ চেণ্টাৰৰ আই চি ইউত চিকিৎসাধীন হৈ আছে।

ষ্ট্ৰ’কত আক্ৰান্ত হোৱা ৮০ বছৰীয়া ব্ৰহ্মৰ স্বাস্থ্য পূৰ্বতকৈ সামান্য উন্নত হৈছে যদিও, চিকিৎসকৰ মতে, বয়সজনিত কাৰণত তেওঁৰ ৰক্ত চলাচল এতিয়াও স্বাভাৱিক অৱস্থালৈ অহা নাই।

ব্ৰহ্মৰ চিকিৎসক মলয় চক্ৰবৰ্তীৰ উদ্ধৃতিৰে নৰ্থইষ্ট নাওক বৃহস্পতিবাৰে এই কথা জনাইছে ইউ বি পি অ’ (United Bodo People’s Organization)ৰ অধ্যক্ষ মিহিনিশ্বৰ বসুমতাৰীয়ে।

বসুমতাৰীৰ লগতে ৰাজ্য সভা সাংসদ উৰ্খাও গৌড়া ব্ৰহ্ম আৰু এবছুৰ উপদেষ্টা মনেশ্বৰ দৈমাৰীয়ে বৃহস্পতিবাৰে চিকিৎসালয়খনলৈ গৈ সাহিত্যিকজনৰ স্বাস্থ্যৰ বুজ লয়।

যোৱা ২৯ ছেপ্তেম্বৰৰ পৰা ত পশ্চিম বংগৰ চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল।

মিহিনিশ্বৰ বসুমতাৰীয়ে জনোৱা মতে, বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ব্ৰহ্মৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াইছে।

অশীতিপৰ ব্ৰহ্মই সাহিত্য অকাদেমিৰ লগতে টেগৰ সন্মান লাভ কৰিছিল।