NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ নতুন উপায়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ বিক্ৰম কৈৰীৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 3, 2019 10:19 pm
IMG-20191003-WA0054 মাজুলী

মাজুলীৰ নৱ নিযুক্ত উপায়ুক্ত বিক্ৰম কৈৰীয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে।

বিদায়ী উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ পৰা নদীদ্বীপ জিলাখনৰ তৃতীয় গৰাকী উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে ভাৰতীয় প্ৰশাসনিক সেৱা (আইএএছ)ৰ ২০১৪ বৰ্ষৰ বিষয়া কৈৰীয়ে।

নতুন উপায়ুক্ত গৰাকীয়ে কাৰ্যভাৰ গ্ৰহণৰ সময়ত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, উৎপল দলে, মাজুলীৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰায়, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মাৰ লগতে কাৰ্যবাহী দণ্ডাধীশসকল উপস্থিত থাকে।

কাৰ্যভাৰ গ্ৰহণৰ পাছতে নতুন উপায়ুক্ত গৰাকীয়ে অতিৰিক্ত উপায়ুক্তদ্বয়, আৰক্ষী অধীক্ষক আৰু কাৰ্যবাহী দণ্ডাধীশ কেইগৰাকীৰ সৈতে আলোচনাত মিলিত হৈ জিলাখনৰ উন্নয়নমূলক কামকাজ আৰু শেহতীয়া পৰিস্থিতিৰ আভাস লয়।

প্ৰশাসনিক বিষয়াসকলৰ পৰা তেওঁ জিলাখনৰ গুৰুত্বপূৰ্ণ বিষয়ৰাজিৰো বুজ লয়।

উল্লেখ্য যে, মাজুলীৰ উপায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণৰ পূৰ্বে বিক্ৰম কৈৰীয়ে তিনিচুকীয়া জিলাত অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

ইপিনে, মাজুলীৰ নতুন উপায়ুক্তৰ হাতত কাৰ্যভাৰ অৰ্পণ কৰা বিদায়ী উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক ৰাজ্য চৰকাৰে ইতিমধ্যে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সঞ্চালক হিচাপে নিযুক্তি দিছে।