NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ বিমান বন্দৰত প্ৰী-পেইদ টেক্সি সেৱা আৰম্ভ, উ.পূবৰ লগতে ভুটানকো সামৰিব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 3, 2019 10:22 pm
গুৱাহাটীৰ বিমান বন্দৰত প্ৰী-পেইদ টেক্সি সেৱা আৰম্ভ, উ.পূবৰ লগতে ভুটানকো সামৰিব

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বৃহস্পতিবাৰৰ পৰা প্ৰী-পেইদ টেক্সি সেৱা আৰম্ভ হৈছে।

ন্যূনতম ৫ কি.মি. অধিক দূৰত্বত চলিব লগা এই টেক্সি সেৱাই উত্তৰ-পূবৰ সকলো নগৰৰ লগতে চুবুৰীয়া ভুটানকো সামৰি ল’ব।

ভাৰতীয় বিমান বন্দৰ কৰ্তৃপক্ষ আৰু অসম আৰক্ষীৰ যৌথ উদ্যোগত এই সেৱা আৰম্ভ হৈছে।

বিমান বন্দৰটোৰ স্থানীয় এলেকা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সেৱাটো মুকলি কৰে।

দেশৰ বিভিন্ন বিমান বন্দৰত ইতিমধ্যে উপলব্ধ প্ৰী-পেইদ টেক্সি সেৱা উত্তৰ-পূবত এয়ে প্ৰথম বাৰৰ বাবে আৰম্ভ হৈছে।

এই প্ৰী-পেইদ টেক্সি সেৱা বিমান বন্দৰটোৰ যাত্ৰীসকলৰ বাবেহে উপলব্ধ হ’ব।

বিমান বন্দৰটোৰ আগমন স্থানতে থকা প্ৰী-পেইদ টেক্সিৰ কাউণ্টাৰত যাত্ৰীসকলে টেক্সি বুক কৰিব পাৰিব।

টেক্সি সেৱা মুকলি অনুষ্ঠানটোত ভাৰতীয় বিমান প্ৰাধিকৰণ (উ.পূ. অঞ্চল)ৰ কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল, বিমান বন্দৰটোৰ সঞ্চালক ৰমেশ কুমাৰ আৰু অসম আৰক্ষীৰ বিষয়া উপস্থিত আছিল।

বিভিন্ন চহৰলৈ প্ৰী-পেইদ টেক্সি সেৱাৰ ভাৰাসমূহ: Prepaid-Taxi-rate-GAU-1.xlsx