NORTHEAST NOW (Assamese)
অসম

সাংবাদিক মহেশ ডেকা আৰু ভৱেশ মেধিলৈ ‘ৰিচ্চ মিডিয়া ফেল’শ্বিপ’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 21, 2019 10:39 am
Journalist

নৰ্থ-ইষ্ট নাও নিউজ প’ৰ্টেলৰ সাংবাদিক মহেশ ডেকা আৰু দৈনিক অসমৰ সাংবাদিক ভৱেশ মেধিলৈ ২০১৯-২০ বৰ্ষৰ ৰিচ্চৰ (Reach) যক্ষ্মা ৰোগ বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মানজনক মিডিয়া ফেল’শ্বিপ আগবঢ়োৱা হৈছে।

সমগ্ৰ দেশৰ পৰা লাভ কৰা আবেদনৰ ভিত্তিতে ১২জন সাংবাদিকক এই ফেলোশ্বিপৰ বাবে নিৰ্বাচন কৰা হৈছে। অহা ১০ আৰু ১১ জুলাইত দিল্লীত অনুষ্ঠিত হ’ব লগীয়া ৰিচ্চৰ ফেল’শ্বিপ সম্পৰ্কীয় কৰ্মশালাত সাংবাদিক ডেকা আৰু মেধিয়ে অংশগ্ৰহণ কৰিব।

সাংবাদিক ডেকাই যক্ষ্মা ৰোগৰ চিকিৎসাত আৰ্থিক ব্যয় আৰু সাংবাদিক মেধিয়ে অসমৰ গাঁও আৰু নগৰাঞ্চলৰ শিক্ষিত লোকসকলৰ মাজত বিশেষকৈ চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলৰ মাজত যক্ষ্মা সম্পৰ্কে থকা সংশয় আৰু ভ্ৰান্ত ধাৰণা সম্পর্কে অধ্যয়ন কৰিব।