NORTHEAST NOW (Assamese)
অসম

‘নিৰ্মাণ নিষিদ্ধ অঞ্চল’ত অৱস্থিত ইটা, শিল উদ্যোগ বন্ধৰ নিৰ্দেশ গোলাঘাট প্ৰশাসনৰ

Posted by: ৰিতুপল্লৱ শইকীয়া January 25, 2018 3:38 pm
প্ৰতিনিধিত্বমূলক ছবি

গোলাঘাট জিলা প্ৰশাসনে ১৯ টা ইটা আৰু ২ টা শিল ভঙা উদ্যোগ বন্ধ কৰাৰ নিৰ্দেশ দিছে। প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সদস্য সচিবৰ পৰা পোৱা তালিকাৰ ভিত্তিত প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।

প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ পৰা পোৱা এখন চিঠিৰ পিছত জিলা উপায়ুক্ত কাৰ্য্যালয়ত বহা এক বৈঠকত গোলাঘাটৰ ‘নিৰ্মাণ নিষিদ্ধ অঞ্চল’ৰূপে ঘোষিত অঞ্চলত স্থাপিত এনে উদ্যোগসমূহ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ৰ’হিত চ্চৌধুৰি বনাম কেন্দ্ৰীয় চৰকাৰ আৰু অন্যান্য গোচৰত দিয়া ৰায়ৰ আধাৰত প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰশাসনক এই চিঠি প্ৰেৰণ কৰিছিল।

‘নিৰ্মাণ নিষিদ্ধ অঞ্চল’ৰূপে ঘোষিত নুমলীগড় শোধনাগাৰৰপৰা ১৫ কি.মি. ব্যাসাৰ্ধৰ ভিতৰৰ এলেকাৰ এই উদ্যোগসমূহ সম্পৰ্কে বৈঠক খনত আলোচনা কৰা হয় আৰু আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হয়।

জিলা উপায়ুক্ত গৌৰৱ বোথ্ৰাই সংশ্লিষ্ট চক্ৰ বিষয়া সকলক এসপ্তাহৰ ভিতৰত এই উদ্যোগ সমূহ বন্ধ কৰাৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে।

উল্লেখযোগ্য যে ‘নিৰ্মাণ নিষিদ্ধ অঞ্চল’ত ব্যৱসায়িক বা আৱাসিক কোনো নিৰ্মাণ চলোৱা নিষেধ।