NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাত আক্ৰান্ত হৈ জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰীৰ বিয়োগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 20, 2021 6:17 pm

জিম্বাবুৱেৰ বিদেশিক মন্ত্ৰী চিবুচিচো মোয়োৰ বুধবাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

জিম্বাবুৱেৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰ জৰ্জ চাৰাম্বাই বুধবাৰে এই কথা প্ৰকাশ কৰে।

জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে ২০১৭ চনত জিম্বেবুৱেৰ দীৰ্ঘ সময়ৰ ৰাষ্ট্ৰপতি ৰবাৰ্ট মুগাৱেক সৈন্য বাহিনীৰ দ্বাৰা অপসাৰণ কৰাৰ অন্যতম আছিল।

‘‘জিম্বাবুৱে এগৰাকী একনিষ্ঠ জনসাধাৰণৰ সেৱক আৰু এগাৰকী সঁচা নেতাক হেৰুৱালে আৰু মই এগৰাকী ভাল বন্ধুক হেৰুৱালো,’’ জিম্বাবুৱেৰ ৰাষ্ট্ৰপতি ইমাৰছন মানংৱাই এইদৰে টুইট কৰে।

উল্লেখযোগ্য যে, বিগত কিছুদিন পূৰ্বে জিম্বাবুৱেৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল।

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাতে চিবুচিচো মোয়ে ৬১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

জনপ্ৰিয় নেতা গৰাকীৰ মৃত্যুত দেশখনৰ জনসাধাৰণে গভীৰ শোক প্ৰকাশ কৰে।

সম্পুৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে বিদেহী নেতা গৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব।

জিম্বাবুৱেত ক্ৰমাৎ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাইছে। দেশখনত ক’ৰ’নাৰ দ্বাৰা বৰ্তমানলৈ ২৮,৬৭৫ গৰাকী ব্যক্তি সংক্ৰমিত হোৱাৰ বিপৰীতে ৮২৫ গৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।