NORTHEAST NOW (Assamese)
অসম

মহানগৰীত বিলাসী বাছ সেৱাৰ শুভাৰম্ভ পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ

Posted by: এন ই নাও নিউজ January 25, 2018 6:48 pm
Assam State Transport Corporation

মহানগৰীৰ পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ত বুধবাৰে ৰাজ্যিক পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ভল্ভৰ বিলাসী বাছ সেৱাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে।

এই বিলাসী বাছ সমূহ ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ যৌথ সহযোগত প্ৰচলন কৰা হৈছে।

জানিব পৰা মতে এই বিলাসী বাছ সমূহে গুৱাহাটী আই এছ বি টিৰ পৰা গুৱাহাটী-শদিয়া, উত্তৰ লক্ষীমপুৰ-গুৱাহাটী, গুৱাহাটী-শিলিগুৰি আৰু গুৱাহাটীৰ পৰা শিৱসাগৰলৈকে যাত্ৰা কৰি ৰাজ্যখনৰ জনসাধাৰণক  সেৱা আগবঢ়াব।

শুভাৰম্ভণি অনুষ্ঠানটোত মন্ত্ৰী গৰাকীয়ে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগম এটা ৰাজহুৱা খণ্ড আৰু তেওঁ এই বিলাসী বাছসমূহে কম খৰচৰ বিনিময়ত নিতৌ অহা-যোৱা কৰা যাত্ৰী সকলক এক সুবিধাজনক আৰু আৰামদায়ক সেৱা আগবঢ়াব বুলি জানিবলৈ দিয়ে।

ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ দ্বাৰা প্ৰচলন কৰা এই বিলাসী বাছ সেৱা সমূহত অসম ৰাজ্যিক পৰিবহণ নিগমেও অৱদান আগবঢ়াব।

মন্ত্ৰী গৰাকীয়ে লগতে আৰু কয় যে, ‘বিলাসী বাছ সমূহ এচি, টিভি, ৱাই-ফাই আৰু ম’বাইল চাৰ্জ কৰিব পৰাকে ধৰি বিভিন্ন সা-সুবিধাৰে সু-সজ্জিত। ইয়াৰ উপৰি যাত্ৰী সকলক তেওঁলোকৰ স্থানৰ পৰা অনা আৰু থোৱাৰ সুবিধা প্ৰদান কৰিবৰ বাবে ইতিমধ্যে ৰেডিঅ’ কেব সেৱা আৰু অ এল এৰ সৈতে কথাবাৰ্তা হৈছে।’

পৰিবহণ মন্ত্ৰী গৰাকীয়ে কয় যে এ এছ টি চিয়ে ৩৪ খন ভল্ভ’ বাছ প্ৰচলন কৰিব আৰু ইয়াৰ পাছৰ পৰ্যায়ত ১৭৫ খন মাৰ্চিদিছ বাছৰ সেৱা প্ৰৱৰ্তন কৰিব।

এ এছ টি চিৰ ৰাজহ ৩৪ শতাংশ বৃদ্ধি হোৱাৰ বিপৰীতে ব্যয়ৰ পৰিমাণ ২০ শতাংশলৈ হ্ৰাস পোৱাত মন্ত্ৰী গৰাকী সুখী হোৱা বুলি জানিবলৈ দিয়ে।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীৰ কৰ্মকুশলতা পদ্ধতিৰ জৰিয়তে পৰিচালন ক্ষমতা সুনিশ্চিত কৰা হৈছে যাতে এ এছ টি চিৰ ভৱিষ্যৎ ভাল হয়।

শুভাৰম্ভণি অনুষ্ঠানটোত এ এছ টি চিৰ সঞ্চালক আশুতোষ অগ্নিহ’ত্ৰী আৰু পৰিচালন সঞ্চালক এ পি টিৱাৰী উপস্থিত আছিল।