NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰীৰ আহ্বানত সঁহাৰি দি মাজুলীৰ ২০খন পঞ্চায়তত বিশেষ গাঁও সভা সম্পন্ন 

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ June 23, 2019 7:06 am

দেশত জল-সংৰক্ষণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ভৱিষ্য-দৰ্শন’ৰ সৈতে সংগতি ৰাখি মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত যোৱা শনিবাৰে মাজুলীৰ প্ৰতিখন গাঁও পঞ্চায়ততে ‘বিশেষ গাঁও সভা’ অনুষ্ঠিত কৰা হয়।

মাজুলী জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰ্যবেক্ষণত মাজুলী আৰু উজনি মাজুলী উন্নয়ন খণ্ডই সামৰা ২০খন পঞ্চায়তে নিজ নিজ কাৰ্যালয়ত পুৱা ১০ বজাৰ পৰা এই গাঁও সভা সম্পন্ন কৰে। এই গ্ৰাম সভাত সংশ্লিষ্ট গাঁও পঞ্চায়ত এলেকাত এইবাৰৰ বাৰিষাৰ সময়ছোৱাৰ পৰাই জল-সংৰক্ষণৰ বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়।

প্ৰধান মন্ত্ৰীৰ আগ্ৰহক সন্মান জনাই এই বিশেষ গাঁও সভাসমূহতত ৰাইজৰ পৰামৰ্শৰ আধাৰত গাঁও পঞ্চায়তসমূহে চলিত বিত্তীয় বৰ্ষৰ ‘গাঁও পঞ্চায়ত উন্নয়ন পৰিকল্পনা’ (জি পি ডি পি)ত অতিৰিক্তভাৱে এম জি এনৰেগা আঁচনিৰ অধীনত জল-সংৰক্ষণৰ আঁচনি গ্ৰহণ কৰে।

মাজুলীৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত নৰেণ দাস, মাজুলীৰ খণ্ড উন্নয়ন বিষয়া প্ৰণৱ কুমাৰ বৰুৱা আৰু উজনি মাজুলীৰ খণ্ড উন্নয়ন বিষয়া পলাশৰঞ্জন হাজৰিকাই আজি ভাগে ভাগে গাঁও পঞ্চায়তসমূহ ভ্ৰমণ কৰি জল-সংৰক্ষণ বিষয়ক বিশেষ গাঁও সভাৰ কাৰ্যক্ৰমণিকা পৰ্যবেক্ষণ কৰে।

উপায়ুক্ত মিশ্ৰই কালিৰ উক্ত গাঁও সভাসমূহত ব্যাপক অংশগ্ৰহণেৰে সাফল্যমণ্ডিত কৰাৰ বাবে প্ৰতিখন পঞ্চায়তৰ জনসাধাৰণৰ শলাগ লয়।