NORTHEAST NOW (Assamese)
অসম

আছাম ৰাইফলছৰ জোৱানৰ হত্যাৰ সৈতে জড়িত এন এছ চি এনৰ শীৰ্ষ নেতাক আটক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2019 1:02 pm
tatmadaw occupies NSCN-K hq in myanmar

এক বিশেষ সফলতাত সেনাৰ বিশেষ গোট আৰু আছাম ৰাইফলছে এক যুটীয়া অভিযান চলাই যোৱা মে’ মাহত নাগালেণ্ডৰ মন জিলাত আছাম ৰাইফলছৰ ওপৰত কৰা আক্ৰমণৰ সৈতে জড়িত এন এছ চি এন কেৰ য়ুংগ আঙ গোটৰ দুৰ্ধৰ্ষ নেতা স্বয়ম্ভূ মেজৰ জেনেৰেল য়েংহাং ওৰফে মৌপাক আটক কৰে।

গুৱাহাটীস্থিত প্ৰতিৰক্ষা জনসংযোগ বিষয়া লেফটেনেণ্ট পি এল খংছাই কালি অৰ্থাৎ শনিবাৰে এই কথা সদৰী কৰে। এন এছ চি এনৰ কেডাৰগৰাকীক নাগালেণ্ডৰ মন জিলাৰ আবৈত কৰা হয় বুলি জানিবলৈ দি তেওঁ কয়, ‘যোৱা শুকুৰবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত নিৰাপত্তা বাহিনীৰ লোকে এখন বাহনত কেডাৰ গৰাকী আহি থকা গম পাই এক অভিযান চলাই তেওঁক আটক কৰিবলৈ সক্ষম হয়।‘

উল্লেখযোগ্য যে, আছাম ৰাইফলছৰ ওপৰত চলোৱা উক্ত আক্ৰমণটোত দুজন জোৱানে প্ৰাণ হেৰুৱাইছিল। মৌপাক আটক কৰাটো সেনা বাহিনীৰ বাবে এক বৃহৎ সফলতা বুলি খংছাই কয়।