NORTHEAST NOW (Assamese)
অসম

বোকাখাত চাহ বাগিচাৰ পাম্প লাইনত লাজুকী বান্দৰ উদ্ধাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া June 23, 2019 2:43 pm
বোকাখাত চাহ বাগিচাৰ পাম্প লাইনত লাজুকী বান্দৰ উদ্ধাৰ

বোকাখাত চাহ বাগিচাৰ পাম্প লাইন এলেকাৰ এঘৰ মানুহৰ বাৰীৰ কলগছৰ পৰা এটা লাজুকী বান্দৰ উদ্ধাৰ কৰা হয়। শনিবাৰে নিশা কলগছৰ পৰা নামি জেওৰাত উঠা লাজুকী বান্দৰটোক প্ৰথমে স্থানীয় লোকে প্ৰতক্ষ্য কৰি মাৰিবলৈ উদ্যত হৈছিল।

পিছত স্থানীয় মন্টু মুণ্ডা নামৰ এজন যুৱকে মানুহৰ জুমটোৰ পৰা লাজুকী বান্দৰটোক উদ্ধাৰ কৰি নিজৰ বাসগৃহলৈ লৈ যায়।

আজি পুৱা স্থানীয় যুৱক চন্দন মুণ্ডাৰ সহযোগত আৰু যুৱ নেতা আকাশ ফুকনৰ বিশেষ তৎপৰতাত বান্দৰটোক কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ উদ্ধাৰকাৰীৰ হাতত মন্টু মুণ্ডাই অৰ্পণ কৰে। উল্লেখযোগ্য যে উদ্ধাৰৰ সময়ত বান্দৰটোয়ে মন্টু মুণ্ডাক আক্ৰমনো কৰিছিল।

বিৰল প্ৰজাতি লাজুকী বান্দৰ বোকাখাত চাহ বাগিচাৰ উত্তৰাঞ্চলৰ পাম্প লাইনত উদ্ধাৰ হোৱা ঘটনা অতিকে তাৎপৰ্যপূৰ্ণ। চাহ বাগিচাৰ ঠাই বিশেষে লাজুকী বান্দৰ আছে যদিও বোকাখাত চাহ বাগিচাত আজিলৈকে কোনেও লাজুকী বান্দৰ দেখা নাছিল।