NORTHEAST NOW (Assamese)
অসম

ভাৰতক চেম্পিয়ন কৰাৰ স্বাৰ্থত পিতৃৰ বিয়োগৰ বাতৰি লাভ কৰিও ঘৰলৈ নাহিল উত্তৰ-পূবৰ তাৰকা খেলুৱৈ লালৰেমচিয়ামি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 24, 2019 8:10 am
Hockey

পিতৃৰ বিয়োগৰ খবৰ লাভ কৰাৰ পাছতো ঘৰলৈ উভতি নাহি জাপানত চলি থকা এফ আই এইচ চিৰিজ হকী টুৰ্ণামেণ্টৰ ফাইনেলত দেশৰ হৈ খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা ভাৰতীয় মহিলা হকী দলৰ তাৰকা ষ্ট্ৰাইকাৰ লালৰেমচিয়ামিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজু।

শনিবাৰে ভাৰত আৰু চিলিৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে লালৰেমচিয়ামি হৃদক্ৰিয়া বন্ধ হৈ পিতৃৰ বিয়োগ হোৱাৰ খবৰ লাভ কৰে।

লালৰেমচাই গৃহৰাজ্য মিজোৰামত হ’বলগীয়া পিতৃৰ অন্ত্যোষ্টিক্ৰিয়াত অংশলোৱাৰ কথা আছিল যদিও তেওঁ প্ৰতিযোগিতাখনত ভাগ লৈ দেশক জয়ী কৰোৱাৰ ক্ষেত্ৰত বৰঙণি যোগাই পিতৃৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

লালৰেমচিয়ামিয়ে লোৱা সিদ্ধান্ত সঠিক হিচাপে বিবেচিত হয় কিয়নো ভাৰতে চিলিৰ বিৰুদ্ধে হোৱা ছেমিফাইনেল খেলখনত শনিবাৰে ৪-২ গ’লৰ ব্যৱধানত আৰু দেওবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফাইনেলত ঘৰুৱা দল জাপানক ৩-১ গ’লত পৰাস্ত কৰি চেম্পিয়ন হ’বলৈ সক্ষম হয়।

প্ৰতিযোগিতাখনত চেম্পিয়ন হোৱা ভাৰতৰ মহিলা হকী দলটোৰ চমকপ্ৰদ প্ৰদৰ্শনক প্ৰশংসা কৰি ৰিজিজুৱে টুইটাৰ যোগে প্ৰতিগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে।

ইয়াৰ পূৰ্বে লালৰেমচিয়ামিক টুইটাৰত প্ৰশংসা কৰি ৰিজুজুৱে লিখিছিল ‘‘ভাৰতীয় মহিলা হকী দলে অলিম্পিকত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া ছেমিফাইনেল খেলৰ পূৰ্বে ভাৰতীয় মহিলা হকী দলটোৰ খেলুৱৈ লালৰেমচাৰ পিতৃৰ বিয়োগ ঘটিছে আৰু লালৰেমচিয়ামিয়ে প্ৰশিক্ষকক কৈছে ‘মই মোৰ দেউতাক গৌৰৱান্বিত কৰিব বিচাৰো, মই দলৰ সৈতে থাকিব বিচাৰো, খেলিব বিচাৰো আৰু ভাৰতৰ যোগ্যতা নিশ্চিত কৰিব বিচাৰো’’।

ভাৰতীয় দলটোৰ অধিনায়ক ৰাণীয়েও লালৰেমচিয়ামিৰ সিদ্ধান্তক প্ৰশংসা কৰি কয় যে দলে তাইক সকলো সময়তে সমৰ্থন কৰি যাব।