NORTHEAST NOW (Assamese)
অসম

হাতে হাতে কোৰ, বেলচা লৈ পথ নিৰ্মাণৰ বাবে ওলাই আহিল কলিয়াবৰৰ দাৰীগজিৰ ৰাইজ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা June 26, 2019 3:27 pm

আজি পুৱাই প্ৰতিকূল বতৰকো নেওচি কলিয়াবৰৰ দাৰীগজিৰ একাংশ ৰাইজে হাতে হাতে কোৰ, বেলচা, গামলালৈ, এটি পথ নিৰ্মাণৰ বাবে ওলাই আহে।

উল্লেখযোগ্য যে ২০১৮ চনতে কলিয়াবৰৰ বিধায়ক তথা বৰ্তমানৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই দাৰীগজিৰ এতি গড়কাপ্তানী পথৰ আধাশিলা স্থাপন কৰিছিল যদিও চৰকাৰৰ হেমাহিৰ বাবে পথছোৱা আজি পৰ্যন্ত নিৰ্মাণ হৈ নুঠিল।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী উক্ত পথছোৱাৰ এই দুৰৱস্থাৰ পথটোক যাতায়াতৰ বাবে ব্যৱহাৰ কৰি অহা অঞ্চলটোৰ ৬০ ঘৰতকৈয়ো অধিক পৰিয়ালে জিয়াটো ভুগিব লগা হৈছে। যাৰ ফলত অতিষ্ঠ হৈ পৰা ৰাইজে গাঁঠিৰ ধন ভাঙি পুৰুষ-মহিলা মিলি আজি নিজেই পথটোৰ মেৰামতিৰ বাবে আগবাঢ়ি আহে।

গাঁৱৰ ৰাইজে অচিৰেই পথছোৱা পকীকৰণ কৰি ছাত্ৰ-ছাত্ৰী, ৰোগীৰ লগতে স্থানীয় ৰাইজৰ যাতায়তৰ সুবিধা কৰি দিবলৈ চৰকাৰক দাবী জনায়।