NORTHEAST NOW (Assamese)
অসম

১৭ জুনৰ পৰা সন্ধানহীন গুৱাহাটীৰ শান্তিপুৰত ভাড়াতীয়া হিচাপে থকা পূৰ্ণ চেতিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 26, 2019 2:23 pm
Purna Chetia

ভৰলু থানাৰ অন্তৰ্গত শান্তিপুৰৰ পৰা পূৰ্ণ চুতীয়া (হেমন্ত) নামৰ বিবাহিত ব্যক্তি এজন যোৱা ১৭ জুনৰ পৰা নিৰুদ্দিষ্ট হৈ থকা ঘটনাই অঞ্চলটোৰ লগতে পৰিয়ালৰ লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে শান্তিপুৰ ফিল্ড চাইড হাউচ নম্বৰ ২১ত ভাড়াতীয়া হিচাপে থকা পূৰ্ণ চেতিয়াই ১৭ জুনৰ দিনা সন্ধিয়া প্ৰায় ৮.৩০ মান বজাত ওলাই অহাৰ পাছত উভতি নোযোৱাত পৰিয়ালটোত হুৱাদুৱা লাগে।

পাছত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰাত জানিব পাৰে যে ব্যক্তিজনে ভাড়াঘৰৰ পৰা ওলাই আহি ওচৰৰে এখন কাপোৰ চিলোৱা দোকানত তেওঁ ব্যৱহাৰ কৰি থকা চিমকাৰ্ডসহ মোবাইল ফোনটো এৰি থৈ যায়। এই ঘটনাই পৰিয়ালৰ লোকক আৰু অধিক অস্বস্তিত পেলোৱা পৰিলক্ষিত হয়।

ইফালে পৰিয়ালৰ লোকে ব্যক্তিজনৰ স্বগৃহ (ধেমাজি)ৰ লগতো যোগাযোগ কৰিছিল যদিও তালৈ যোৱা নাই বুলি কোৱাত লোকজনৰ পত্নী অধিক চিন্তিত হৈ পৰে।

দুদিনলৈকে লোকজনৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱাত অৱশেষত ১৯ জুনত ভৰলুমুখ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি অনুসন্ধানৰ বাবে আবেদন জনায়।

উল্লেখ্য যে পূৰ্ণ চেতিয়াই বিগত এমাহৰ পৰা শান্তিপুৰৰ ভাড়াঘৰত নিজ পত্নী জয়শ্ৰী বৰ্মনৰ সৈতে আছিল।