NORTHEAST NOW (Assamese)
অসম

অভয়াপুৰীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত ৩ জন লোক

Posted by: এন ই নাও নিউজ October 2, 2018 7:19 am
Accident

ৰাজ্যখনত পথ দুৰ্ঘটনাৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে। প্ৰতিদিনে সংঘটিত হোৱা দুৰ্ঘটনাত বহু লোকে অকালতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।

সোমবাৰে নিশা অভয়াপুৰী খগৰপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই শোকাৱহ পথ দুৰ্ঘটনাত তিনিজনকৈ লোক থিতাতে নিহত হয়।

জানিব পৰা মতে ডব্লিউ বি ২৬ টি ৫৩৭৩ নম্বৰৰ এখন ছুইফট ডিজায়াৰৰ সৈতে এ এছ ১৯ জে ৪২৪৪ নম্বৰৰ বাইক এখনৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত তিনিজন লোক থিতাতে নিহত হোৱাৰ উপৰি আন দুজন লোক গুৰুতৰভাৱে আহত হয়।

উক্ত দুৰ্ঘটনাত নিহত লোক তিনিজনক গুৱাহাটীৰ বিমল বৰকাকতি, শৰৎ বৰকাকতি আৰু চক্ৰেশ্বৰ ডেকা বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত লোক দুজনক ততাতয়াকৈ বঙাইগাঁৱলৈ প্ৰেৰণ কৰে।