NORTHEAST NOW (Assamese)
অসম

‘সাংসদ হৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ’বলৈ চেষ্টা কৰিছে প্ৰদ্যুত বৰদলৈয়ে’

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 26, 2019 8:30 pm
Pradyut Bodoloi is trying to become Valmiki from Ratnakar, says Assam BJP

‘সাংসদ হৈ ৰত্নাকৰৰ পৰা বাল্মীকি হ’বলৈ চেষ্টা কৰিছে প্ৰদ্যুত বৰদলৈয়ে।‘ বুধবাৰে ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰদ্যুত বৰদলৈক এইদৰে কটাক্ষ কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে।

তদুপৰি, প্ৰদ্যুত বৰদলৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ বাবেই এনেদৰে বাৰম্বাৰ কয়লা চিণ্ডিকেটৰ প্ৰসংগৰে মুখ্য মন্ত্ৰীক আক্ৰমণ কৰি থকা বুলি মন্তব্য কৰে গোস্বামীয়ে।

তেওঁ কয় ‘সাংসদ বৰদলৈয়ে এইবাৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হোৱাৰ মন মেলিছে…সেয়ে, অসম চৰকাৰ আৰু মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়টোক ঢাল হিচাপে লৈ কংগ্ৰেছ হাইকমাণ্ডৰ মন জয় কৰিব বিচাৰিছে।‘

ইপিনে, মাৰ্ঘেৰিটাৰ কয়লা চিণ্ডিকেট সন্দৰ্ভত অভিযোগ উত্থাপন কৰা প্ৰদ্যুত বৰদলৈক উভটি ধৰি গোস্বামীয়ে কয় ‘মাৰ্ঘেৰিটাৰ পৰা বৰদলৈ ১৮ বছৰে বিধায়ক হৈ আছিল। কয়লাৰ চিণ্ডিকেটটো তেওঁৰ কালছোৱাতেই আৰম্ভ হৈছিল। তেওঁৰ দিনতেই কয়লাৰ চিণ্ডিকেট চলিছিল।‘

ইপিনে, তেওঁ সোণোৱাল চৰকাৰৰ দিনত চিণ্ডিকেটৰ সৈতে জৰিত থকাৰ অভিযোগত কিমানক গ্ৰেপ্তাৰ কৰিলে আৰু কিমান কয়লা জব্দ কৰিলে তাৰ এক তথ্য দাঙি ধৰে।

‘১.৬.২০১৬ ৰ পৰা ৩১.৬.২০১৬ লৈ ৫৩ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে কয়লা চিণ্ডিকেটত জড়িত থকাৰ অপৰাধত। ২০১৯ৰ জুনৰ ২৩ তাৰিখলৈ মুঠ গোচৰ ১৬টা, ৯ ট্ৰাক কয়লা জব্দ আৰু ২১ জন গ্ৰেপ্তাৰ কৰা হৈছে। এই তথ্যই বুজাই যে সৰ্বানন্দ সোণোৱালৰ দিনত চিণ্ডিকেট চলিছে নে ইয়াৰ বিৰুদ্ধেহে ব্যৱস্থা লোৱা হৈছে।‘ গোস্বামীয়ে এইদৰে কয়।

তেওঁ লগতে কয় ‘বৰদলৈ যেতিয়া শক্তি মন্ত্ৰী আছিল ৫০ হাজাৰটা বাঁহৰ খুঁটাৰে বিদ্যুত পৰিবহণ কৰা হৈছিল। কংগ্ৰেছৰ শাসনকালত গঁড় হত্যা হৈছিল…কেৱল ক্ষমতাৰ লালসাত মুখ্য মন্ত্ৰীৰ কাৰ্যালয়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে প্ৰদ্যুত বৰদলৈয়ে।‘

উক্ত সংবাদমেলত তেওঁৰ সৈতে বিজেপিৰ বিধায়ক নুমল মমিন, ৰাজ্যিক বিজেপিৰ অন্য এগৰাকী মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা, সুভাষ দত্ত আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে।