NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ খচৰাক লৈ ‘বিভ্ৰান্ত’ দৰঙৰ কিশোৰীৰ ‘আত্মহত্যা’

Posted by: অনুপ শৰ্মা Updated by: অনুপ শৰ্মা June 26, 2019 10:26 pm
Assam girl confuses additional draft exclusion list as final NRC, hangs self

এন আৰ চিৰ অতিৰিক্ত বহিষ্কৰণ খচৰা প্ৰকাশৰ দিনাই দৰঙৰ এগৰাকী কিশোৰীয়ে বিষয়টোত “বিভ্ৰান্ত হৈ আত্মহত্যা” কৰাৰ অভিযোগ উত্থাপিত হৈছে।

এই অভিযোগ কৰিছে নুৰ নাহৰ বেগম (১৩) নামৰ “আত্মহত্যাকাৰী” কিশোৰীগৰাকীৰ সম্পৰ্কীয় লোকসকলে।

লোকসকলৰ মতে যোৱা বছৰ খচৰা এন আৰ চিত নাম নথকা নুৰে বুধবাৰে প্ৰকাশিত বহিষ্কৰণৰ তালিকাত নাম নথকা বুলি শুনি বিভ্ৰান্তিত ভুগি “আত্মহত্যা” কৰিছে। ছোৱালীজনীয়ে দুপাত্তাৰে ফাঁচ লৈ “আত্মহত্যা” কৰা বুলি জানিব পৰা গৈছে।

“ছোৱালীজনীৰ নাম পৰীক্ষা কৰিবলৈ তাইৰ দেউতাক আজি ওচৰৰ এন আৰ চি সেৱা কেন্দ্ৰলৈ গৈছিল। অতিৰিক্ত বহিষ্কৰণ খচৰাত তাইৰ নাম নথকা বুলি জানি কথাটো ফোনযোগে দেউতাকে তাইক জনালে আৰু তাই আত্মহত্যা কৰিলে,” এগৰাকী সম্পৰ্কীয়ই জনায়।

তেওঁ কয় যে অতিৰিক্ত খচৰাখন যে বহিষ্কৰণৰ খচৰাহে আৰু তাত নাম নথকাটোৱে যে চূড়ান্ত এন আৰ চিত তাইৰ নাম থকাটো নিশ্চিত কৰিছিল সেই কথা ছোৱালীজনীয়ে বুজা নাছিল।

আনহাতে আমছুৱে ঘটনাটোৰ বাবে অসম চৰকাৰক জগৰীয়া কৰিছে। সংগঠনটোৰ স্থানীয় গোটৰ সম্পাদক আব্দুল হায়ে কয় যে প্ৰকাশিত অতিৰিক্ত বহিষ্কৰণ খচৰাখনক লৈ অসম চৰকাৰে পৰ্য্যাপ্ত প্ৰচাৰ চলোৱা নাছিল।

কিন্তু দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই ঘটনাটোৰ সৈতে এন আৰ চিৰ সম্পৰ্ক অগ্ৰাহ্য কৰিছে। “ৰৌমাৰী চাপৰিৰ পৰা এজনী ছোৱালীয়ে আত্মহত্যা কৰাৰ খবৰ আহিছে। কিন্তু আত্মহত্যাটোৰ সৈতে এন আৰ চিৰ কোনো সম্পৰ্ক নাই। আন কিবা কাৰণ আছে। আমি তদন্ত চলাই আছো,” তেওঁ কয়।

১,০২,৪৬২ গৰাকী লোকৰ নাম অন্তৰ্ভুক্তিৰে বুধবাৰে এন আৰ চিৰ অতিৰিক্ত বহিষ্কৰণ খচৰা প্ৰকাশ পাইছে।

যোৱা বছৰৰ ৩০ জুলাইত প্ৰকাশিত এন আৰ চিৰ খচৰাত নাম সোমোৱা, কিন্তু পৰৱৰ্তী পৰ্য্যায়ত বিভিন্ন কাৰণত অযোগ্য বিবেচিত হোৱা লোকসকলৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে।