NORTHEAST NOW (Assamese)
অসম

জাগুনত বিদ্যুৎপৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু!

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা March 28, 2022 2:43 pm
elephant died

জাগুনত বিদ্যুৎপৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে। জাগুনৰ কথাছেমা গাঁৱত এই হৃদয় বিদাৰক ঘটনাটো ঘটিছে। পূৰ্বতেও ভিন ভিন সময়ত উক্ত গাঁওখনত তিনিটাকৈ বনৰীয়া হাতীয়ে বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ উদাহৰণ আছে।

ডুমডুমা বন সংমণ্ডলৰ অধীনৰ পেঙেৰী খাটাং পানী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কথাছেমাত এই ঘটনাটো ঘটে।

লগতে পঢ়ক: চৰাইদেউত মটৰচাইকেল দুৰ্ঘটনাত নিহত এজন যুৱক; গুৰুতৰভাৱে আহত আন এজন

হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাতৰ ফলশ্ৰুতিতেই এই হৃদয় বিদাৰক ঘটনাটো ঘটাৰ সন্দেহ কৰা হৈছে। গাঁৱৰ কোনো লোকে হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বিদ্যুৎ সংস্থাপন কৰাৰ সন্দেহ কৰা হৈছে।

ঘটনাস্থলীত কোনো বিদ্যুৎ পৰিবাহী তাৰ প্ৰত্যক্ষ হোৱা নাই যদিও হাতীটোৰ দেহত থকা দাগ সমূহে বিদ্যুৎপৃষ্ট হোৱাৰেই ইংগিত বহন কৰে। ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।