NORTHEAST NOW (Assamese)
অৰুণাচল

অসম ৰাইফলছৰ অভিযানত আটক দুৰ্ধৰ্ষ আলফা স্বাধীনৰ দুগৰাকী কেডাৰ

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ June 27, 2019 9:54 pm
ULFA Arunachal

খহনীয়া অব্যাহত আছে আলফা স্বাধীনৰ শিবিৰত। অৰুণাচল প্ৰদেশৰ টিৰাপৰ খুনচাত থকা অসম ৰাইফলছৰ অভিযানকাৰী বাহিনীয়ে বুধবাৰে অভিযান চলাই আলফা স্বাধীনৰ দুজন দুৰ্ধৰ্ষ সদস্যক আটক কৰে।

অসম ৰাইফলছৰ হাতত আটক হোৱা আলফা স্বাধীনৰ সদস্য দুজন শোণিতপুৰ জিলাৰ তেজপুৰৰ বেচেৰীয়াৰ নয়নজ্যোতি নাথ আৰু ডিব্ৰুগড় জিলাৰ চাবুৱাৰ মনচুৰ আলী বুলি পৰিচয় লাভ কৰা গৈছে।

আনহাতে, আটকাধীন আলফা সদস্য দুজনক বৰ্তমান খুনচাৰ সেনা শিবিৰত অধিক তথ্যৰ বাবে সোধা-পোচা অব্যাহত ৰাখিছে অসম ৰাইফলছৰ জোৱানে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ম্যানমাৰৰ শিবিৰৰ পৰা পলাই অহা বহুকেইগৰাকী আলফা স্বাধীনৰ সদস্যই সেনা আৰু আৰক্ষীৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ সহ আত্মসমৰ্পন কৰিছে বিগত সময়ছোৱাত।

তাৰোপৰি, উজনি অসমৰ বিশেষকৈ চৰাইদেউ আৰু তিনিচুকীয়া জিলাত আৰক্ষী আৰু সেনাৰ যুতীয়া অভিযানত বহু কেইগৰাকী আলফা স্বাধীনৰ লিংক মেন আটক হৈছে।